ডিব্ৰুগড়

ডিব্ৰুগড়ৰ এজন ব‍্যক্তি আৰু এজাক চৰাই

Asomiya Pratidin

ডিজিটেল সংবাদ, বৰবৰুৱাঃ ডিব্ৰুগড়ৰ এজন ব‍্যক্তি আৰু এজাক চৰাইৰ মাজত গঢ়লৈ উঠিছে এক এৰাব নোৱাৰা প্ৰেমৰ সম্পৰ্ক। চৰাইৰ মাতত টোপনিৰ পৰা সাৰ পাই তেওঁ। চৰাই-চিৰিকটিৰ সৈতে দৈনিক কথা পাতে তেওঁ। তেওঁৰ ভাষা বুজি পায় এটি অবোধ পক্ষীয়েই। ডিব্ৰুগড়ৰ বকপৰাৰ টংকেশ্বৰ মেচ নামৰ ব‍্যক্তি জনে বুজি পাই চৰাইৰ ভাষা আৰু অনুভৱ। এবাৰ মাতিলেই ব‍্যক্তি জনৰ ঘৰৰ চুতালত ভৰি পৰে জাকে জাকে চৰাই।

ব‍্যক্তি জনৰ লগত চৰাই জাকৰ সম্পৰ্ক প্ৰায় দহ বছৰ পুৰণি। দহ বছৰ ধৰি চৰাইজাকক নিতৌ পুৱা খাদ্য যোগান ধৰি আহিছে ডিব্ৰুগড় বকপৰাৰ প্ৰকৃতি প্ৰেমী টংকেশ্বৰ মেচে। পুৱা হ'লেই চৰাই জাকে সদায় বাতচাই থাকে ব‍্যক্তি জনলৈ। ঘৰ চিৰিকা, শালিকা,পাৰ, কপৌ আদি বিভিন্ন প্ৰজাতিৰ চৰায়ে হৃদয় আলোড়িত সুৰ তুলি চৌদিশৰ পৰা উৰি উৰি কাষ চাপি আহে। এই কাৰ্যত তেওঁ বিমল আনন্দ লাভ কৰে।

চৰাইৰ নিৰাপদ আশ্ৰয়স্থল হিচাপে ঘৰৰ চৌহদৰ চৌদিশে ৰোপন কৰিছে বিভিন্ন ধৰণৰ গছ। টংকেশ্বৰ মেচে কোনোবা এদিন পুৱা দেৰিকৈ উঠিলেই চিন্তিত হৈ পৰে চৰাই জাকে। ঘৰৰ চালৰ ওপৰত উঠি, দৰ্জাৰ সন্মুখত ৰৈ ব‍্যক্তি জনলৈ অপেক্ষাৰত ভাৱে চিঞৰি থাকে চৰাই জাকে।

উল্লেখযোগ্য যে প্ৰায় দহ বছৰৰ আগতেই টংকেশ্বৰ মেচে কৰিছিল এদৰা কবি খেতি। কিন্তু সেই কবি খেতি দৰাত পোকে খাই অনিষ্ট কৰাত চিন্তিত হৈ পৰিছিল টংকেশ্বৰ মেচ, কীটনাশক ঔষধ দিও বিশেষ সুফল নাপালে। তেনে সময়তেই ব‍্যক্তি জনৰ খেতি দৰালৈ ৰক্ষাকৰ্তা হিচাপে আহিল এজাক চৰাই। কবি খেতি দৰাত উপদ্ৰৱ চলোৱা আটাইবোৰ পোক চৰাই জাকে খাই ৰক্ষা কৰিছিল ব‍্যক্তি জনৰ খেতি দৰা। তেতিয়াৰ পৰাই চৰাইৰ প্ৰতি এক বন্ধুত্ব গঢ় লৈ উঠিছিল টংকেশ্বৰ মেচ নামৰ ব‍্যক্তি জনৰ সৈতে।

পশু-পক্ষীয়েও বিচাৰে মানুহৰ মৰম আৰু আকুলতা। ডিব্ৰুগড়ৰ বকপৰাৰ টংকেশ্বৰ মেচে পৰম শান্তি লাভ কৰে এই অজান পক্ষী জাকক আহাৰ দি। কিন্তু একাংশ দানৱৰোপী মানুহৰ ধ্বংস যজ্ঞৰ দ্বাৰা ক্ৰমান্বয়ে হ্ৰাস পাব ধৰিছে পশু-পক্ষীৰ লগত হোৱা সেই বিশ্বাস-সম্বন্ধৰ। ফলত পৃথিৱীত ক্ৰমান্বয়ে হ্ৰাস পাব ধৰিছে পশু-পক্ষীৰ মাত্ৰা। এতিয়া পৃথিৱীত পশু-পক্ষীৰ প্ৰয়োজনবোধ কৰি সিহঁতক ধ্বংস নকৰিবলৈ আহ্বান জনাইছে ডিব্ৰুগড় বকপৰাৰ প্ৰকৃতি প্ৰেমী টংকেশ্বৰ মেচে।