নাহৰফুটুকী পিঞ্জৰাবদ্ধ
নাহৰফুটুকী পিঞ্জৰাবদ্ধ 
ডিব্ৰুগড়

লাহোৱালৰ আলিমূৰ নগাচাপৰিত এটা নাহৰফুটুকী পিঞ্জৰাবদ্ধ...

Asomiya Pratidin

ডিজিটেল সংবাদ, লাহোৱালঃ দেওবাৰৰ দিনা পুৱাই লাহোৱালত এটা মৃত নাহৰফুটুকী বাঘ উদ্ধাৰ হোৱাৰ বিপৰীতে মাইজান চাহ বাগিছাত এটা নাহৰফুটুকী বাঘ পিঞ্জৰাবদ্ধ হয় ।

লগতে সন্ধিয়া ১০.৪০বজাত আলিমূৰৰ নগাচাপৰিত আন এটা বাঘ পিঞ্জৰাবদ্ধ হয় ৷ সন্ধিয়া নগাচাপৰিত পিঞ্জৰাবদ্ধ হোৱা বাঘটোৱে নগাচাপৰি অঞ্চলত দীৰ্ঘদিনৰ পৰা কেৱল পশুধন অনিষ্ট কৰাই নহয় পূৰ্বে এটি শিশুকে ধৰি এগৰাকী মহিলা শ্ৰমিককো আক্ৰমণ কৰিছিল ।

নাহৰফুটুকী

বাঘৰ সন্ত্ৰাসত থাকিব নোৱাৰি স্থানীয় ৰাইজে বনবিভাগক একোটা পিঞ্জৰা পাতিবলৈ অনুৰোধ কৰাত দেওবাৰে সন্ধিয়া ১০.৪০ বজাত বাঘটো পিঞ্জৰাবদ্ধ হোৱাৰ পিছতে স্থানীয় ৰাইজে স্বস্তিৰ নিশ্বাস পেলাইছে ৷

বাঘটো পিঞ্জৰাবদ্ধ হোৱা খৱৰ পোৱাৰ পিছতে স্থানীয় আৰক্ষীৰ লগতে বনবিভাগৰ লোক উপস্থিত হৈ বাঘটো আন সংৰক্ষিত বনাঞ্চললৈ স্থানান্তৰিত কৰিবলৈ যো-জা চলাইছে বুলি জানিবলৈ পোৱা গৈছে ৷