/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/25be832b-f60b-4ac7-87d3-95f91b0a3d4a/bvfcl_07.jpg)
বি ভি এফ চি এলত ৫২ সংখ্যক ৰাষ্ট্ৰীয় সুৰক্ষা দিৱস উদযাপন...
ডিজিটেল সংবাদ নামৰূপঃ নামৰূপস্থিত ব্ৰহ্মপুত্ৰ ভেলি ফাৰটিলিজাৰ কৰ্পৰেচন লিমিটেড চমুকৈ বি ভি এফ চি এলত আজি ৫২ সংখ্যক ৰাষ্ট্ৰীয় সুৰক্ষা দিৱস আড়ম্বৰতাৰে উদযাপন কৰা হয়। 'আমাৰ লক্ষ্য শূন্য ক্ষতি' বিষয় বস্তুক থিম হিচাপে লৈ অনুষ্ঠিত কৰা সুৰক্ষা দিৱসত মুখ্য অতিথি হিচাপে উপস্থিত থাকে বি ভি এফ চি এলৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক ড০ শিৱ প্ৰসাদ মহান্তি।
এই অনুষ্ঠানত Safety & Health ৰ ওপৰত শপত বাক্য পাঠ কৰা হয়। চি এম ডি ড০ মহান্তিয়ে সুৰক্ষা ব্যৱস্থাৰ ওপৰত গুৰুত্ব আৰোপ কৰি কৰ্মচাৰী আৰু জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ বাবে বিভাগসমূহক বিভিন্ন অভিযান চলাবলৈ আহ্বান জনায়।
লগতে তেওঁ সুৰক্ষা সপ্তাহ উপলক্ষে আয়োজন কৰা বিভিন্ন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা সকলো অংশগ্ৰহণকাৰীক অভিনন্দন জ্ঞাপন কৰে আৰু বিজয়ীসকলক পুৰস্কৃত কৰে। বি ভি এফ চি এলৰ বিষয়া, নামৰূপৰ বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, অভিভাৱক, শিক্ষক-শিক্ষয়িত্ৰীয়ে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে।
The 52nd National Safety Day was celebrated today at BVFCL, Namrup with much pomp and grandeur in the presence of Hon'ble CMD, BVFCL, Sh. S.P. Mohanty.The theme was "Our Aim- Zero Harm". The Safety & Health Pledge was also recited during the ocassion. #Safetyweek @fertmin_india pic.twitter.com/RUffLSLwfe
— BVFCL (@bvfclnamrup) March 7, 2023