anand sarma
anand sarma  
অসম

ডিব্ৰুগড় বিশ্ববিদ্যালয়ত ৰেগিঙৰ ঘটনা! দ্বিতীয় মহলাৰ পৰা পৰিল ছাত্ৰ, ICU ত চিকিৎসাধীন

Asomiya Pratidin

ডিজিটেল ডেস্ক: ডিব্ৰুগড় বিশ্ববিদ্যালয়ত অঘটন। পদ্মনাথ গোহাঁই বৰুৱা ছাত্ৰা নিবাসৰ দ্বিতীয় মহলাৰ পৰা পৰি এজন ছাত্ৰ গুৰুতৰ ভাৱে আহত হয়।

আনন্দ শৰ্মা নামৰ বাণিজ্য বিভাগৰ ছাত্ৰ জন বৰ্তমান সংকটজনক অৱস্থাত এখন ব্যক্তিগত চিকিৎসালয়ৰ আই চি ইউত চিকিৎসাধীন হৈ আছে। ছাত্ৰজন দ্বিতীয় মহলাৰপৰা কেনেকৈ পৰিল সেই তথ্য নিশ্চিত হোৱা নাই যদিও ই এক ৰেগিং কেন্দ্ৰীক ঘটনা বুলি ধাৰণা কৰা হৈছে।

ছাত্ৰ গৰাকীৰ মাতৃয়ে অভিযোগ কৰা অনুসৰি আনন্দ শৰ্মাক বহু দিন ধৰি ৰেগিং চলাই অহা হৈছিল। ছাত্ৰ গৰাকীক পঢ়িবলৈ দিয়া হোৱা নাছিল। জ্যেষ্ঠ ছাত্ৰ সকলে ৰুমলৈ আহি সুৰা পান কৰাৰ লগতে আনন্দ শৰ্মাৰ লগতে আন কনিষ্ঠ ছাত্ৰকো সুৰা পান কৰিবলৈ হেঁচা প্ৰয়োগ কৰা হৈছিল।

ৰেগিং সন্দৰ্ভত ছাত্ৰ গৰাকীয়ে হোষ্টেলৰ ৱাৰ্ডেনৰ লগতে উচ্চ কৰ্তৃপক্ষকো অৱগত কৰাইছিল যদিও কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন হৈছে। ছাত্ৰ গৰাকীৰ মাতৃয়ে লগতে কয় যে, শনিবাৰে ওৰে নিশা শাৰীৰিকভাৱে প্ৰহাৰ কৰা হৈছিল ছাত্ৰ গৰাকীক। প্ৰায় ১০০ জন মান যুৱকে পুৱা প্ৰায় ৫ বজালৈ আগুৰি ধৰি শাৰীৰিক, মানসিক অত্যাচাৰ চলাইছিল।

যেতিয়া আনন্দ শৰ্মাৰ ডিঙিত ধৰিছিল তেতিয়া নিজৰ প্ৰাণ বচাবলৈ ওপৰৰ মহলাৰ পৰা জাঁপ মাৰি দিয়ে বুলি মাতৃয়ে জনায়। আনন্দ শৰ্মাৰ ক'কাল, ভৰি এখন আৰু হাত দুখন ভাঙি যোৱা বুলি মাতৃয়ে কয়।

উল্লেখ্য যে, কেৱল আনন্দ শৰ্মায়ে নহয়, আন ৪ জন ছাত্ৰৰ ওপৰতো অত্যাচাৰ চলোৱা হৈছিল। এই সমগ্ৰ ঘটনা সন্দৰ্ভত বিশ্ববিদ্যালয় কৰ্তৃপক্ষই কি পদক্ষেপ হাতত লয় সেয়া হ'ব লক্ষণীয়।

আৰু পঢ়ক: বড়ো বোলছবিৰ চতুৰ্থ তম বঁটা প্ৰদান অনুষ্ঠান...