অসম

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা বহিষ্কৃত ৪ ছাত্ৰ দেশৰ কোনো বিশ্ববিদ্যালয়তে নামভৰ্তি কৰাৰ পৰা বাৰণ

Asomiya Pratidin

ডিজিটেল ডেস্ক: সমগ্ৰ ৰাজ্য জোকাৰি গৈছে ডিব্রুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ডই। এই ৰেগিং কাণ্ডত নাম সাঙোৰ খাইছে প্ৰাক্তন ছাত্ৰৰ লগতে বৰ্তমানৰ ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদকৰ নামো।

এই ৰেগিং কাণ্ডৰ বিৰোধিতা কৰি বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলে প্ৰতিবাদো সাৱ্যস্ত কৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইও কঠোৰ স্থিতি গ্ৰহণ কৰা দেখা যায়। শৰ্মাই কয় যে দোষীক ৰেহাই দিয়া নহয়।

ইতিমধ্যে হোষ্টেলৰ পৰা মঙলবাৰে ১৮ জনকৈ ছাত্ৰক বহিষ্কাৰ কৰা হৈছিল। পুনৰ বিশ্ববিদ্যালয়ৰ পৰা বহিষ্কাৰ কৰা হয় ৪ ছাত্রক। দেশৰ কোনো বিশ্ববিদ্যালয়তে নামভৰ্তি কৰাৰ পৰা বাৰণ ছাত্ৰ কেইজন।

ছাত্র কেইজন ক্ৰমে- গালৱ ডেকা, কমলেশ্বৰ চুতীয়া,মৌচম ফুকন, চাও পুচেং খাম বৰুৱা। ৩ বছৰৰ বাবে বহিষ্কাৰ কৰে ছাত্র কেইজনক।

PNGB হোষ্টেলৰ তিনিওটা ব্লকৰ অধীক্ষক সকলকো অব্যাহতি দিয়ে। মফিজুদ্দিন আহমেদ হাজৰিকা হোষ্টেলৰ অধীক্ষক সকলকো অব্যাহতি দিয়া হয়। মাইলছ ব্রনছন হোষ্টেলৰ অধীক্ষককো অব্যাহতি।

তিনিওটা হোষ্টেলত নতুন অধীক্ষক নিযুক্তি দিয়ে বিশ্ববিদ্যালয় প্ৰশাসনে। ৰেগিং নিৰ্মূলৰ বাবে কেইবাটাও সিদ্ধান্ত গ্রহণ কৰে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই।

এটা এণ্টি ৰেগিং ভিজিলেন্স চেল গঠন কৰে কৰ্তৃপক্ষই। এই ভিজিলেন্স চেলৰ অধীনত থাকিব ৩টাকৈ বিভাগ। এটা গ্রিভেন্স চেল থাকিব ভিজিলেন্স চেলৰ অধীনত।থাকিব এটা ৰেপিড এক্সন চেল, এটা কাউন্সিলিং চেল।

আৰু পঢ়ক: সাংবাদিক কন্দৰ্প কুমাৰ দেৱনাথলৈ 'নৃপেন বৰুৱা সোঁৱৰণী সাংবাদিকতা বঁটা'