ধুবুৰী

মধুপুৰ সত্ৰৰ সত্ৰাধিকাৰ লক্ষ্মীকান্ত মহন্তৰ শেষকৃত্য সম্পন্ন

Asomiya Pratidin

ডিজিটেল সংবাদ, ধুবুৰী:- দীৰ্ঘদিন ধৰি অসুস্থ লৈ থকাৰ পিছত ৮ মাৰ্চত মৃত্যুক সাৱটি লয় মধুপুৰ সত্ৰৰ সত্ৰাধিকাৰ লক্ষ্মীকান্ত মহন্ত। বৃহস্পতিবাৰে সত্ৰাধিকাৰ গৰাকীৰ শেষকৃত্য সম্পূৰ্ণ সত্ৰীয়া ৰীতি-নীতি আৰু পৰম্পৰাৰে মধুপুৰ সত্ৰৰ নিকটৱৰ্তী তৰছা নদীৰ পাৰত শেষকৃত্য সম্পন্ন কৰা হয়।

মধুপুৰ সত্ৰ সমিতিৰ প্ৰচাৰ সম্পাদক যুগান্ত বায়নে জনোৱা মতে, আজি পুৱাৰ ভাগত চিকিৎসালয়ৰ পৰা সত্ৰাধিকাৰগৰাকীৰ নশ্বৰ দেহ মধুপুৰ সত্ৰ লৈ অনা হয়। সত্ৰত থকা সময়ছোৱাত অসম চৰকাৰৰ পৰ্যটন মন্ত্ৰী জয়ন্তমল্ল বৰুৱা, শঙ্কৰদেৱ কলাক্ষেত্ৰৰ সচিব সুদৰ্শন ঠাকুৰ, মধুপুৰ সত্ৰৰ সমিতিৰ সভাপতি জিতেন্দ্ৰ নাথ প্ৰধানী, কাৰ্য্যকৰী সভাপতি উদ্ধৱচন্দ্ৰ দাস, সম্পাদক হৰিদেৱ দাস, সদস্য পুলিন পাঠক, ডা⁰ কেশৱ দাস আৰু কেশৱ প্ৰধানীকে ধৰি সত্রশাল, হৰিপুৰ সত্ৰৰ লগতে উত্তৰ-বংগৰ সহস্ৰাধিক ভকত আৰু আইসকলে সত্ৰাধিকাৰগৰাকীৰ প্ৰতি শেষ শ্ৰদ্ধা জনায়।

ধুবুৰী জিলাৰ উপায়ুক্ত দিবাকৰ নাথ আৰু অতিৰিক্ত উপায়ুক্ত মানস শইকীয়াই অসম চৰকাৰৰ হৈ এই শ্ৰদ্ধাঞ্জলি আৰু শেষকৃত্য অনুষ্ঠানটো তদাৰক কৰে। উল্লেখযোগ্য যে, সত্ৰাধিকাৰ লক্ষ্মীকান্ত মহন্তই উত্তৰ-বংগৰ বিভিন্ন অঞ্চলত গুৰু দুজনাৰ আদৰ্শ আৰু অনুপম সৃষ্টিৰাজিক ব্যাপক ৰূপত প্ৰচাৰ, প্ৰসাৰ আৰু সংৰক্ষণ কৰাৰ বাবে গোটেই জীৱনজুৰি তেওঁ অনবৈদ্য অৰিহণা যোগাই থৈ গ'ল। পূৰ্বে ঘোষণা কৰা মতে, সত্ৰাধিকাৰগৰাকীৰ শেষকৃত্য অহা ১০ মাৰ্চ তাৰিখে সম্পন্ন কৰাৰ কথা আছিল যদিও কিছু কাৰিকৰী অসুবিধাৰ বাবে আজি ৯ মাৰ্চ তাৰিখে সম্পন্ন কৰা হয়।