ধুবুৰী

স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত বিলাসীপাৰাত গুলীচালনাৰ ঘটনা

Asomiya Pratidin

ডিজিটেল ডেস্কঃ বিলাসীপাৰাৰ ফুটুকীবাৰী শশাৰগাঁৱত সংঘটিত হৈছে গুলীচালনাৰ ঘটনা। এই ঘটনাৰে জড়িত মূল অভিযুক্তসহ ৭জনকৈ লোকক আৰক্ষীয়ে ইতিমধ্যেই আটক কৰিছে। আৰক্ষী আৰু চি আৰ পি এফৰ যৌথ অভিযানত ঘটনাৰে জড়িত মূল অভিযুক্তকো আটক কৰিবলৈ সক্ষম হৈছে।

আটকাধীন আটক মূল অভিযুক্তজন হ'ল ৰফিকুল ইছলাম। আনহাতে আন কেইজন আটকাধীন হ'ল- নুৰ মহম্মদ আলী, ছাহাবুদ্দিন, মহম্মদ আলী, মেহবুব আলম, ৰিয়াজুল আৰু হামিদুল ইছলাম।

দীৰ্ঘদিন ধৰি সমগ্র অসমত সন্ত্রাসৰ সৃষ্টি কৰি আহিছিল মূল অভিযুক্ত ৰফিকুলে। যাৰ বাবে ৰফিকুলক গুলীয়াই হত্যা কৰাৰ দাবী স্থানীয় ৰাইজৰ। উল্লেখ্য যে, ধৃত ৰফিকুলে শনিবাৰে পিষ্টলৰে নন্দন নাথ নামৰ এজন লোকক মূৰত আঘাত কৰিছিল।