এখন মৎস্য কিয়ক্স মুকলি
এখন মৎস্য কিয়ক্স মুকলি 
ধুবুৰী

বিলাসীপাৰাত এখন মৎস্য কিয়ক্স মুকলি...

Asomiya Pratidin

ডিজিটেল সংবাদ, ধুবুৰীঃ ধুবুৰীৰ বিলাসীপাৰাৰ চতুৰ্থ বামূণপাৰা গাঁৱত মঙলবাৰে এখন মৎস্য কিয়ক্স মুকলি কৰা হয় । ৰাইজে নিয়ন্ত্ৰিত মূল্যত গুণমান সম্পন্ন মাছ লাভ কৰাৰ লগতে মীন সম্পদৰ উন্নয়নৰ হকে উদ্দেশ্য আগত ৰাখি মুকলি কৰা হয় মৎস্য কিয়ক্সখনিৰ ।

এই মৎস্য কিয়ক্স মুকলি কৰে অৰণ্য সুৰক্ষা সমিতি অসমৰ সচিব প্ৰধান ড০ হৰিচৰণ দাসে । তেওঁ এই মৎস্য কিয়ক্সে থলুৱা মাছৰ সংৰক্ষণৰ ক্ষেত্ৰত বিশেষ ভূমিকা ল'ব বুলি আশা প্ৰকাশ কৰে ।

এই মুকলি অনুষ্ঠানত উপস্থিত থাকে জিলা মীন বিষয়া ইব্ৰাহীম আলী খান । জিলা বিষয়াগৰাকীয়ে আজিৰ মুকলি সভাত উপস্থিত থাকি এক এপ্ৰিলৰ পৰা পোন্ধৰ জুলাইলৈ গৰ্ভৱতী মাছ আইনমতে নিষিদ্ধ বুলি ৰাইজক অৱগত কৰে ।

আজিৰ ভাত মহকুমা মীন বিষয়াকে ধৰি ভালেমান বিশিষ্ট ব্যক্তি তথা ৰাইজে অংশগ্ৰহণ কৰে ।

মৎস্য কিয়ক্স মুকলি