অসম

মধ্যাহ্ন ভোজনৰ উতলা দাইলত পৰিল ছাত্ৰ…

asomiyapratidin

ডিজিটেল ডেস্ক: ধুবুৰী মাজেৰআলগাৰ প্ৰাথমিক বিদ্যালয়ত সংঘটিত হ'ল অতি কৰুণ ঘটনা। মধ্যাহ্ন ভোজনৰ খাদ্য প্ৰস্তুত কৰি থকাৰ সময়তে উতলা দাইলত পৰিল এটি ৮ বছৰীয়া শিশু।

সংকটজনক অৱস্থাত শিশুটিক তাৎক্ষণিকভাৱে চিকিৎসালয়লৈ লৈ যোৱা হয়। খাদ্যৰ বাবে হেতা-ওপৰা কৰোতে এই দুৰ্ভাগ্যজনক ঘটনাটো সংঘটিত হয়।

বিদ্যালয়খনৰ শিক্ষক তথা কৰ্তৃপক্ষই মধ্যাহ্ন ভোজন সূচাৰুৰূপে বিতৰণ নকৰাৰ পৰিণতিতেই এই কৰুণ ঘটনা সংঘটিত হোৱা বুলি অভিযোগ উত্থাপন কৰিছে একাংশ লোকে।