এইবাৰ চৰ্চাত আন এখন ছবি, অমিত শ্বাহে ক’লে, ভাৰতীয় সংস্কৃতিৰ সুন্দৰ প্ৰদৰ্শন…

এইবাৰ চৰ্চাত আন এখন ছবি, অমিত শ্বাহে ক’লে, ভাৰতীয় সংস্কৃতিৰ সুন্দৰ প্ৰদৰ্শন…

ডিজিটেল ডেস্ক: বলিউডৰ অভিনেতা অক্ষয় কুমাৰৰ নতুন ছবি 'সম্ৰাট পৃথ্বীৰাজ' কিছুদিন পিছতেই মুক্তি লাভ কৰিব। এই ছবি খনত অক্ষয় কুমাৰৰ লগতে মিছ ৱাৰ্ল্ডৰ খিতাপ লাভ কৰা মানুষী ছিল্লৰেও অভিনয় কৰিছে।

ছবিখন মুক্তিৰ পূৰ্বেই যথেষ্ঠ চৰ্চা লাভ কৰা দেখা যায়। তাৰ মাজতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কৰা প্ৰশংসাৰ পাছতে ছবিখনে আৰু অধিক চৰ্চা লাভ কৰা দেখা যায়।

উল্লেখ্য যে, ১ জুনত দিল্লীৰ চানক্য থিয়েটাৰত কেন্দ্ৰীয় গৃহমন্ত্ৰী গৰাকীৰ বাবে সম্ৰাট পৃথ্বীৰাজৰ বিশেষ স্ক্ৰীণিং ৰখা হৈছিল। গৃহমন্ত্ৰী গৰাকীৰ পৰিয়ালৰ সৈতে অক্ষয় কুমাৰো গৈছিল ছবিখন চাবৰ বাবে।

ছবিখন চোৱাৰ পাছত ছবিখনৰ প্ৰশংসা কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী গৰাকীয়ে। তেওঁ কয় যে সম্ৰাট পৃথ্বীৰাজ কেৱল এজন যোদ্ধাৰ কাহিনীয়েই নহয়, এই ছবিখনত মাতৃভূমিৰ বাবে যুদ্ধ কৰা আৰু আমাৰ সংস্কৃতিৰ মহানতা দেখুওৱা হৈছে।

শ্বাহে কয় যে ছবি খনৰ কাহিনীত ভাৰতীয় সংস্কৃতি আৰু মহিলা সবলীকৰণৰ সুন্দৰ প্ৰদৰ্শন। লগতে ছবি খনত কাম কৰা প্ৰতিগৰাকীলৈ মন্ত্ৰী গৰাকীয়ে শুভেচ্ছা জ্ঞাপন।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in