অসম

গুৱাহাটীক প্ৰাণ ভৰি ভালপোৱা বিশিষ্ট সমাজকৰ্মী ধীৰেণ বৰুৱা আৰু নাই

Asomiya Pratidin

ডিজিটেল ডেস্কঃ বিশিষ্ট সমাজসেৱক ধীৰেণ বৰুৱা আৰু নাই। ৯৬ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰিলে বৰুৱাই। গুৱাহাটী সেউজীয়া কৰি ৰখাৰ ক্ষেত্ৰত বৰুৱাৰ আছিল বিশেষ ভূমিকা।

ছেভ গুৱাহাটী, বিল্ড গুৱাহাটীৰ জৰিয়তে মহানগৰীখনক সৰ্বাংগ সুন্দৰ কৰি ৰখাৰ ক্ষেত্ৰত এক আন্দোলনৰ নেতৃত্ব দিছিল বৰুৱাই। ইয়াৰ উপৰিও গুৱাহাটীৰ প্ৰায়বোৰ প্ৰতিষ্ঠিত সামাজিক অনুষ্ঠানৰ সৈতে জড়িত আছিল এইগৰাকী সমাজসেৱক।

বাৰ্ধক্যজনিত অসুস্থতাৰ বাবে মহানগৰীৰ এপল হস্পাতালত ভৰ্তি কৰোৱা হৈছিল তেওঁক। মঙলবাৰে দুপৰীয়া চিকিৎসালয়ত শেষ নিশ্বাস কৰে। নৱগ্রহ শ্মশানত সম্পন্ন কৰা হয় তেওঁৰ অন্ত্যেষ্টিক্রিয়া।

ধীৰেণ বৰুৱাৰ মৃত্যুত বিভিন্নজনৰ শোক প্ৰকাশ। মৰণোত্তৰভাৱে নিজৰ চকুযুৰি দান কৰি থৈ গৈছে ধীৰেণ বৰুৱাই।