ধেমাজি

শোকাকুল পৰিৱেশত শেষকৃত্য সম্পন্ন TMPKৰ নেতা নন্দেশ্বৰ কুলিৰ...

Asomiya Pratidin

ডিজিটেল সংবাদ, ধেমাজি : চিলাপথাৰৰ টি এম পি কেৰ নেতা নন্দেশ্বৰ কুলিৰ শোকাকুল পৰিৱেশত শেষকৃত্য সম্পন্ন। যোৱা ২৫ জুনত তিনিজন যুৱকৰ নিৰ্মম আক্ৰমণৰ ফলত মৃত্যু হোৱা চিচিবৰগাঁও ধুনাগুৰিৰ যুৱক তথা টি এম পি কেৰ চিলাপথাৰ জিলাৰ সক্ৰিয় কৰ্মী নন্দেশ্বৰ কুলিৰ মৃতদেহৰ বুধবাৰে শেষকৃত্য সপন্ন কৰা হয়।

বুধবাৰে বিয়লি নন্দেশ্বৰৰ মৃতদেহ বগীবিল দলঙৰ সমীপৰ পৰা সংগঠনটোৱে সমদল কৰি আনি নিজ ওপজা গাঁৱত উপস্থিত হোৱা লগে লগে সমগ্ৰ গাঁৱখনতে কান্দোনৰ ৰোল উঠে। বানপিড়ীত ধুনাগুৰিস্থিত ঘৰৰ পৰা প্ৰায় তিনিশ মিটাৰ আঁতৰত হাত নাঁওৰ সহায়েৰে এডোখৰ ওখ স্থানলৈ নি বহু গুণমুগ্ধৰ উপস্থিতিত সম্পন্ন হয় শেষকৃত্য।

ইপিনে গাওঁখনৰ ভিতৰতে অমায়িক-স্বপ্লভাষী টি এম পি কেৰ সক্ৰিয় কৰ্মী নন্দেশ্বৰ কুলিৰ হত্যাৰ ঘটনাকলৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি হত্যাকাৰীক অহা ২৪ ঘণ্টাৰ ভিতৰত গ্ৰেপ্তাৰৰ সময় সীমা বান্ধি দিয়ে। ইয়াৰ অন্যথা সংগঠনটোৱে প্ৰতিবাদী কাৰ্যসূচী পালন কৰিব বুলি সকীয়াই দিয়ে।

পৰিয়ালৰ একমাত্ৰ উপাৰ্জনক্ষম যুৱকজনৰ অকাল মৃত্যুত দিক বিদিক হেৰুৱাই পেলোৱা দুৰ্ভগীয়া পৰিয়ালটোক কিছু সকাহ দিবলৈ চৰকাৰৰ প্ৰতি আৰ্থিক সাহাৰ্য্য প্ৰদানৰ আহ্বান জনাইছে সংগঠনটোৱে।