ধেমাজি

সদৌ অসম মইনা পাৰিজাতৰ সপ্তদশ দ্বি- বাৰ্ষিক ৰাজ্যিক শিশু সমাৰোহৰ সফল সামৰণি...

Asomiya Pratidin

ডিজিটেল সংবাদ, ধেমাজি : যোৱা ৩১ মাৰ্চৰ পৰা তিনিদিনীয়াকৈ সদৌ অসম মইনা পাৰিজাতৰ ধেমাজি জিলা সমিতিৰ উদ্যোগত ধেমাজি কাছাৰী ময়দানত অনুষ্ঠিত হোৱা সদৌ অসম মইনা পাৰিজাতৰ সপ্তদশ দ্বি- বাৰ্ষিক ৰাজ্যিক শিশু সমাৰোহৰ দেওবাৰে সফল সামৰণি পৰে ৷

প্ৰতিকুল বতৰকো নেউচি ৰাজ্যৰ ২২ খন জিলাৰ চাৰি সহস্ৰাধিকতকৈ অধিক শিশু তথা মইনা-মাইনীৰ সকলৰ উপস্থিতিয়ে ধেমাজিত এক দেৱ শিশুসকলৰ পূণ্যস্থলী হৈ পৰে। কাৰ্য্যসূচীৰ অনুসৰি দেওবাৰে শেষদিনা পুৱা ৬.০০ বজাত নিজ নিজ শিবিৰ সমূহত মইনা সকলে প্ৰাৰ্থনাৰে কাৰ্য্যসূচী আৰম্ভ কৰা পিছতেই প্ৰতিকুল বতৰৰ বাবে নিৰ্ধাৰিত সময়তকৈ ডেৰ ঘন্টা পলমকৈ পুৱা ১১.০০ বজাত বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা উদ্ধোধন কৰে প্ৰতিদিন টাইম টি. ভি চেনেলৰ মুখ্য সম্পাদক নিতুমণি শইকীয়াই ৷

বিয়লি ২.০০ বজাত কলিয়াবৰ জিলা মইনা পাৰিজাতৰ চেমনীয়া লুলাক্ষী কে মহন্তৰ সভাপতিত্বত সমাৰোহৰ মুকলি সভাখনি অনুষ্ঠিত হয় ৷ ইয়াৰ আগে সমাৰোহৰ মুকলি সভাখনি উদ্ধোধন প্ৰতিদিন টাইম টি. ভি চেনেলৰ মুখ্য সম্পাদক নিতুমণি শইকীয়াই ৷ উদ্ধোধনী ভাষনত মুখ্য সম্পাদক শইকীয়াই মইনা পাৰিজাতে শিশু সকলৰ মানসিক , বৌদ্ধিক আৰু শাৰীৰিক দিশৰ উন্নতিত অৰিহনা যোগায় আহিছে বুলি উল্লেখ কৰি দেশৰ ধৰণী স্বৰূপ এই মইনা সকলেই এদিন ৰাজ্যৰ ড° হিমন্ত বিশ্ব শৰ্মা, সীমা দাস , লাভলীনা বৰগোহাঁই, জুবিন গাৰ্গ, বিধায়ক অখিল গগৈৰ দৰে ৰাজ্যৰ বিভিন্ন ক্ষেত্ৰৰ আগৰণুৱা মানুহ হ'ব গৈ ৷

প্ৰসংগক্ৰমে উল্লেখ কৰি মুখ্য সম্পাদক গৰাকীয়ে নিজেও এদিন মইনা পাৰিজাতৰ মজিয়াৰ পৰাই তেওঁৰ যাত্ৰা আৰম্ভ কৰা কথা অৱগত কৰে ৷ বক্তব্যত তেওঁ সদৌ অসম মইনা পাৰিজাতৰ নিচিনা ৰাজ্যিক শিশু সকলৰ অনুষ্ঠান ধেমাজিত আয়োজন কৰি ধেমাজিবাসীয়ে মহৎ পূৰ্ণ্য কাম কৰিছে বুলিও কয় ৷ সমাৰোহৰ মুকলি সভাত নিমন্ত্ৰিত অতিথি মইনা তিতাবৰ জিলা মইনা পাৰিজাতৰ মইনা মৃগাংক শৰ্মা, নামনি লখিমপুৰ জিলা মইনা পাৰিজাতৰ মইনা প্ৰিয়ম প্ৰতিম বৰা, বিশ্বনাথ জিলা মইনা পাৰিজাতৰ মইনা খুছবু পৰাজুলী, মঙ্গলদৈ জিলা মইনা পাৰিজাতৰ মইনা জ্যোতিস্মিতা দত্ত, মাজুলি জিলা মইনা পাৰিজাতৰ মইনা দিপু বৰা, নগাঁও জিলা মইনা পাৰিজাতৰ মইনা সুকন্যা শইকীয়া, যোৰহাট জিলা মইনা পাৰিজাতৰ মইনা অভিনৱ গগৈ, উত্তৰ লখিমপুৰ জিলা মইনা পাৰিজাতৰ মইনা ধীৰাজ্য দাস, নলবাৰী জিলা মইনা পাৰিজাতৰ মইনা জুপিতৰা গোস্বামী আৰু ওদালগুৰি জিলা মইনা পাৰিজাতৰ মইনা মধুস্মিতা ডেকাই মইনা পাৰিজাতৰ অনুষ্ঠানৰ জৰিয়তে কি দৰে নিজৰ নিজৰ অঞ্চল সমূহত দেখুৱাৰ বিভিন্ন ধৰনৰ প্ৰতিভাসমূহৰ প্ৰদৰ্শনৰ লগতে প্ৰত্যকজনেই সাৱলীল বক্তব্য ৰাখে ৷

মুকলি সভাতেই বিভিন্ন বিভাগৰ প্ৰতিযোগিতাত স্হান লাভ কৰা সকলক বটাঁ প্ৰদান কৰে ৷ উল্লেখ্য যে সমাৰোহৰ দ্বিতীয় দিনা ধেমাজি মহাবিদ্যালয়ত সুকীয়া সুকীয়াকৈ অনুষ্ঠিত হোৱা সদৌ অসম মইনা পাৰিজাতৰ সপ্তদশ দ্বি- বাৰ্ষিক শিশু সমাৰোহৰ সাহিত্য শাখাৰ সভাপতি ড° পুৰৱী দুৱৰা আৰু সম্পাদক বিপুল শৰ্মাৰ তত্বাৱধানত অনুষ্ঠিত কবিতা আবৃত্তি তিনিটা শাখাত, প্ৰশ্নোত্তৰ তিনিটা শাখাত, চিত্ৰাংকন তিনিটা শাখাত,আকস্মিক বক্তৃতা দুটা শাখাত আৰু কাছাৰী ময়দানৰ সমাৰোহৰ স্হলিত মুকলিকৈ অনুষ্ঠিত হোৱা তৰ্ক প্ৰতিযোগিতাৰ সৈতে মুঠ ১২ টা প্ৰতিযোগিতাৰ অনুষ্ঠিত হয়।

অসমৰ ২২ খন জিলাৰ প্ৰায় ১৮ শ প্ৰতিযোগীৰ প্ৰতিটো শাখাত ১০ জনকৈ মুঠ ১২০ জন প্ৰতিযোগীয়ে স্হান লাভ কৰিবলৈ সক্ষম হয় ৷ দেওবাৰে সমাৰোহৰ মুকলি সভাত বিভিন্ন জিলাৰ অতিথি সকলৰ লগতে ৰাজ্যিক মইনা পাৰিজাতৰ সাধাৰণ সম্পাদক ৰাতুল বৰা, সম্পাদক বীৰেন কলিতা, বিষয়ববীয়া দ্বয়ৰ উপৰিও ৰাজ্যিক মইনা পাৰিজাতৰ অন্যান্য বিষয়ববীয়া সকল, আদৰণি সমিতিৰ সভাপতি তথা ধেমাজি মহাবিদ্যালয়ৰ অধ্যক্ষ ড° দীপক কুমাৰ নেওগ, কাৰ্য্যকৰী সভাপতি ঘনকৃষ্ণ বৰগোহাঁই, জিলা মইনা পাৰিজাতৰ সভাপতি ৰনজিৎ চিৰিং, আদৰণি সমিতিৰ সম্পাদক নৱজ্যোতি দত্ত, জিলা মইনা পাৰিজাতৰ সম্পাদক নৱজিৎ বৰুৱাৰ প্ৰমুখ্যে অন্যান্য বিষয়ববীয়া সকলে উপস্থিত থাকে ৷