চিচিবৰগাঁও সমষ্টি সংৰক্ষণ মুক্ত ঘোষণাঃ ৰাইজৰ মাজত আনন্দৰ লহৰ...
চিচিবৰগাঁও সমষ্টি সংৰক্ষণ মুক্ত ঘোষণাঃ ৰাইজৰ মাজত আনন্দৰ লহৰ... 
ধেমাজি

চিচিবৰগাঁও সমষ্টি সংৰক্ষণ মুক্ত ঘোষণাঃ ৰাইজৰ মাজত আনন্দৰ লহৰ...

Asomiya Pratidin

ডিজিটেল সংবাদ ধেমাজিঃ শুকুৰবাৰে ভাৰতৰ নিৰ্বাচন আয়োগে নতুনকৈ পুনৰ নিৰ্ধাৰণ কৰা বিধানসভা সমষ্টিৰ চূড়ান্ত তালিকা প্ৰকাশ কৰিছে । ধেমাজি জিলাৰ অজনজাতীয় লোকৰ ৰাজনৈতিক অধিকাৰ সুৰক্ষাৰ বাবে চিচিবৰগাঁও সমষ্টিটো সংৰক্ষণমুক্ত হিচাপে ঘোষণা কৰাৰ বাবে সংৰক্ষণমুক্ত চিচিবৰগাঁও বিধানসভা সমষ্টি দাবী সমিতিয়ে দুটা দশক জুৰি কৰা দাবী কৰি আহিছিল।

দীৰ্ঘদিনীয়া আন্দোলনৰ অন্তত শুকুৰবাৰে নিৰ্বাচন আয়োগে ঘোষণা কৰা তালিকাত ধেমাজি জিলাখনত নতুনকৈ সৃষ্টি কৰা চিচিবৰগাঁও সমষ্টিটো সংৰক্ষণমুক্ত হিচাপে ঘোষণা কৰিছে । এই খবৰ বিয়পি পৰাৰ লগে লগে উৎফুল্লিত হৈ পৰে চিচিবৰগাঁৱৰ ৰাইজ ।

শুকুৰবাৰে সন্ধিয়া ৭ বজাত চিচিবৰগাঁও চাৰিআলিত সমবেত হোৱা উৎফুল্লিত ৰাইজে ফটকা ফুটাই আনন্দ প্ৰকাশ কৰে । প্ৰতিকূল বতৰকো নেওচি সমবেত হোৱা ৰাইজে চিচিবৰগাঁও জিন্দাবাদ, সমষ্টি দাবী সমিতি জিন্দাবাদ আদি বিভিন্ন শ্লোগান দি উত্তাল কৰি তোলে চিচিবৰগাঁৱৰ আকাশ বতাহ ।

ৰাইজৰ দীৰ্ঘদিনীয়া দাবীৰ প্ৰতি সমৰ্থন জনাই চিচিবৰগাঁও সমষ্টিটো সংৰক্ষণমুক্ত হিচাপে ঘোষণা কৰাৰ বাবে নিৰ্বাচন আয়োগক ধন্যবাদ জ্ঞাপন কৰে সংৰক্ষণমুক্ত সমষ্টি দাবী সমিতিৰ সম্পাদক মৃদুপৱন চুতীয়াই ।