ধেমাজি

চিলাপথাৰ ডাইনীকাণ্ডৰে জড়িত সাতগৰাকী অভিযুক্তক গ্ৰেপ্তাৰ...

Asomiya Pratidin

ডিজিটেল সংবাদ, ধেমাজিঃ যোৱা ১৭ মে'ত বৰলুং পঞ্চায়তৰ বিজয়পুৰ বালিজান গাঁৱত সংঘটিত হৈছিল মানৱ সমাজক লজ্জানত কৰা এক ঘটনা। মাটিবাৰী সম্পৰ্কীয় এক বিবাদক কেন্দ্ৰ কৰি এগৰাকী মহিলাক কেইজনমান লোকে ডাইনী সজাই চলাইছিল নিৰ্মম অত্যাচাৰ। ঘটনাৰ পিছত মহিলাগৰাকী চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল। মহিলাগৰাকী হাস্পাতালৰ পৰা ওলাই অহাৰ পিছত পোহৰলৈ আহে সমগ্ৰ ঘটনা।

ৰাজ্যজুৰি তোলপাৰ লগাই এই অমানৱীয় বৰ্বৰ কাণ্ডই । ঘটনা সন্দৰ্ভত মহিলাগৰাকীৰ পৰিয়ালে আৰক্ষী চকীত দিয়া এজাহাৰৰ ভিত্তিত চিলাপথাৰ থানাত ভাৰতীয় দণ্ডবিধি আইনৰ অধিনত ৩২৫,৩৫৪,৫০৬ আৰু ৩৪ ধাৰা আৰু Assam Witch Hunting (Prohibition,Prevention and Protection) Act-2015 ৰ ৭ ধাৰাত ১০৫/২৩ নম্বৰৰ এক গোচৰ পঞ্জীয়ন হয় যদিও মূল অভিযুক্ত কেইজন পলাতক হৈ আছিল।

অৱশেষত দেওবাৰে নিশা আৰক্ষীৰ ১০০ জনীয়া এটা দলে অভিযান চলাই কৰায়ত্ব কৰিবলৈ সক্ষম হ'ল ঘটনাৰ মূল অভিযুক্ত বুধিন মিচং,ভৱ মিচং আৰু টংকেশ্বৰ মিছঙকে ধৰি চাৰিগৰাকী মহিলাসহ মুঠ সাত গৰাকী অভিযুক্তক । আটাইকেইগৰাকীকে গ্ৰেপ্তাৰ কৰি ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে আৰক্ষীয়ে।