বজাৰৰ আটকধুনীয়া প্ৰতিমা নহয়, গছৰ পাত-ফুলেৰে তৈয়াৰ কৰি সৰস্বতী পূজা পাতিছে এইখন শিক্ষানুষ্ঠানে...
বজাৰৰ আটকধুনীয়া প্ৰতিমা নহয়, গছৰ পাত-ফুলেৰে তৈয়াৰ কৰি সৰস্বতী পূজা পাতিছে এইখন শিক্ষানুষ্ঠানে...  
ধেমাজি

বজাৰৰ আটকধুনীয়া প্ৰতিমা নহয়, গছৰ পাত-ফুলেৰে তৈয়াৰ কৰি সৰস্বতী পূজা পাতিছে এইখন শিক্ষানুষ্ঠানে...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ এক ব্যতিক্ৰমী সৰস্বতী পূজা। এই ব্যতিক্ৰমী সৰস্বতী পূজাৰ প্ৰতিমা প্ৰচলিত ধ্যান, ধাৰণাৰ পৰিৱৰ্তে নিৰ্জীৱ পাত, ফুলৰ। শিক্ষক, প্ৰশিক্ষাৰ্থীয়ে নিজেই তৈয়াৰ কৰিলে এই ব্যতিক্ৰমী প্ৰতিমা।

ধেমাজি ডায়েটত এইবাৰ নাই মাটিৰ প্ৰতিমা। শৈক্ষিক প্ৰতিষ্ঠানখনত আছে শিক্ষক, প্ৰশিক্ষাৰ্থীয়ে নিজেই গছৰ পাত, ফুলেৰে তৈয়াৰ কৰা বাগদেৱীৰ বিশেষ প্ৰতিমা। উল্লেখ্য যে এই শৈক্ষিক প্ৰতিষ্ঠানখনে বিগত বছৰত পাচলিৰে নিৰ্মাণ কৰিছিল প্ৰতিমা।

প্ৰতিষ্ঠানখনৰ শিক্ষক- প্ৰশিক্ষাৰ্থীয়ে সাজি উলিয়ালে চাৰি ফুট উচ্চতাৰ এই ব্যতিক্ৰমী বাগদেৱীৰ প্ৰতিমা । নৰা খেৰ,নাৰিকলৰ পাত,কাগজ ফুল,বেল পাত আদি প্ৰাকৃতিক সামগ্ৰী ব্যৱহাৰ কৰি সজাই তোলা হৈছে প্ৰতিমা।

বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতীৰ বীণা তৈয়াৰৰ বাবে ব্যৱহাৰ কৰা হৈছে বাঁহ,খেৰ আৰু কল গছৰ পাত। মূৰ্তিত ব্যৱহাৰ কৰা নাই কোনো ধৰনৰ বজাৰৰ আবিৰ। সকলোতে সহজলভ্য সাধাৰণ বয় বস্তুৰ দ্বাৰা এই প্ৰতিমা সজাই তুলিছে।

এনেদৰে ডায়েট পৰিয়ালৰ হাতৰ পৰশত প্ৰাণ পাই উঠিছে পাত আৰু ফুলৰ সৰস্বতীৰ প্ৰতিমা। জকমকীয়া দেৱীৰ প্ৰতিমাৰ নামত অযথা হেজাৰ হেজাৰ ধন ভাঙি প্ৰতিমা ক্ৰয় কৰাৰ পৰিৱৰ্তে দুভাগ নিশা পৰ্যন্ত কষ্টৰ জৰিয়তে নিজস্ব শৈলীৰে সাজি উলিয়াইছে দেৱী সৰস্বতী প্ৰতিমা।

কেৱল ধন ৰাহিৰ বাবেই নহয়, ৰাসায়নিক দ্ৰব্য মিহলাই তৈয়াৰ কৰা প্ৰতিমাতকৈ এইদৰে প্ৰতিমা নিৰ্মাণ কৰা কাৰ্যই পৰিৱেশ ৰক্ষাৰ ক্ষেত্ৰতো বিশেষ অৰিহণা যোগায় বুলিও সচেতন ৰাইজে মত প্ৰকাশ কৰিছে। ইফালে নিজেই প্ৰতিমা তৈয়াৰ কৰি এই দৰে সৰস্বতী পূজা আয়োজন কৰিবলৈ পায় ডায়েটখনৰ প্ৰশিক্ষাৰ্থীসকল উৎসাহিত হৈ পৰিছে।