ধেমাজি

চিলাপথাৰৰ বিশিষ্ট সমাজ কৰ্মী ৰূপেশ্বৰ বেজবৰুৱাৰ বিয়োগ

Asomiya Pratidin

ডিজিটেল সংবাদ, চিলাপথাৰ: চিলাথাৰ অঞ্চলৰ কৰফুলনি গাঁও নিবাসী বিশিষ্ট সমাজ হিতৈষী ৰুপেশ্বৰ বেজবৰুৱাৰ (৯১) বৃহস্পতিবাৰে নিশা বাৰ্ধক্য জনিত কাৰণত পৰলোক প্ৰাপ্তি ঘটে। বয়োজ্যেষ্ঠ সমাজ কৰ্মী ৰূপেশ্বৰ বেজবৰুৱাই কিছুদিনৰ পৰা শাৰিৰীকভাৱে অসুস্থ হৈ আছিল আৰু বৃহস্পতিবাৰে নিশা প্ৰায় ১.৩০ বজাত নিজা বাস ভৱনতে শেষ নিশ্বাস ত্যাগ কৰে। ৰূপেশ্বৰ বেজবৰুৱাই ধেমাজি মহকুমা অ বি চি বৰ্ডৰ সদস্য ৰূপে কাৰ্য্যনিৰ্বাহ কৰিছিল।

তদুপৰি পিছপৰা অঞ্চলটোৰ শৈক্ষিক ক্ষেত্ৰখনৰ উন্নয়নৰ বাবে বিভিন্ন ৰাজহুৱা অনুষ্ঠান প্ৰতিষ্ঠানৰ ভূমিষ্ঠ হোৱাত বিশেষ অৰিহণা আগবঢ়াই থৈ গৈছে। সকলো সময়তে সাধ্যমতে আৰ্তজনক সহযোগ কৰি আত্মতুষ্টি লভা লোক জনে মৃত্যুৰ পৰত ৫ পুত্ৰ, ২ কন্যাৰ লগতে বহু নিকট আত্মীয়ক ইহলোক এৰি থৈ গৈছে। শুকুৰবাৰে বহু গুণমুগ্ধৰ উপস্থিতিত নিজা ঘৰৰ চৌহদতে লোকজনৰ শেষকৃত্য সম্পন্ন কৰা হয়।

তেওঁৰ মৃত্যুত বিভিন্ন অনুষ্ঠান আৰু সংগঠনৰ লগতে সদৌ টাই আহোম ছাত্ৰ সন্থাৰ(আটাছু) মুখ্য উপদেষ্টা দুলাল বৰুৱাই গভীৰ শোক প্ৰকাশ কৰি মৃতকৰ আত্মাৰ সদগতিৰ কামনা কৰি শোক সন্তপ্ত পৰিয়াল বৰ্গক সমবেদনা জ্ঞাপন কৰিছে।