ধেমাজি মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষৰ আত্মহত্যা...
ধেমাজি মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষৰ আত্মহত্যা... 
ধেমাজি

ধেমাজি মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষৰ আত্মহত্যা...

Asomiya Pratidin

ডিজিটেল সংবাদ ধেমাজিঃ ধেমাজি নগৰৰ ৩ নং ৱাৰ্ডৰ মায়েং নৰহ পথৰ নিবাসী তথা ধেমাজি মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ জীৱন দত্তই ৭৪ বছৰ বয়সত বুধবাৰে কাহিলি পুৱাতেই আত্মহত্যাৰ পথ বাচি লয়। এই ঘটনাৰ খবৰ বিয়পি পৰাৰ লগে লগে সমগ্ৰ ধেমাজিত শোকৰ ছাঁ পেলাইছে ৷

উল্লেখ্য যে, ১৯৪৯ চনত জন্মগ্ৰহণ কৰা জীৱন দত্তই ১৯৭৭ চনত ধেমাজি মহাবিদ্যালয়ত ইংৰাজী বিভাগৰ অধ্যাপক হিচাপে যোগদান কৰিছিল । সুদীৰ্ঘ চাকৰি কাল মহাবিদ্যালয়খনৰ এগৰাকী দক্ষ অধ্যাপক হিচাপে কাৰ্য্যনিৰ্বাহ কৰি ২০০৯ চনৰ ৩১ মাৰ্চত মহাবিদ্যালয়ৰ পৰা উপাধ্যক্ষ হিচাপে অৱসৰগ্ৰহণ কৰে ।

মহাবিদ্যালয়ৰ পৰা অৱসৰগ্ৰহণৰ পিছতেই তেওঁ ২০১০ চনত ধেমাজিৰ ব্যক্তিগত শিক্ষানুষ্ঠান কিৰন একাডেমীত অবৈতনিক ভাৱে ২০১৭ চনলৈকে ৭ বছৰ কাল অধ্যক্ষ হিচাপে চলাইছিল । অতি অমায়িক, শান্ত দত্তই ধৰ্মীয় দিশত ৰাইজৰ সৈতে যথেষ্ট আগভাগ লৈ ২০১৫-১৬ চনৰ পৰা বৰ্তমানলৈকে এৰাধল বৰনামঘৰৰ সভাপতি হিচাপে কাৰ্য্যনিবাহ কৰি অনুষ্ঠানটোৰ বাবে দেহেকেহে লাগিছিল ৷

বিগত তিনিবছৰ ধৰি আক্ৰান্ত হৈ আছিল দুৰাৰোগ্য ৰোগত। যাৰ বাবে তেওঁ আত্মহত্যা কৰি এই জীৱন ত্যাগ কৰে বুলি সন্দেহ কৰা হৈছে। জানিব পৰা মতে তেওঁক দিল্লী আৰু মুম্বাইত চিকিৎসা কৰাই থকাৰ সময়ছোৱাত চিকিৎসকে মাত্ৰ ৬ মাহ কালহে জীয়াই থাকিব বুলি আগজাননী দিছিল ৷

মৃত্যুৰ সময়ত তেওঁ পত্নীৰ সৈতে তিনি গৰাকী কন্যাৰ লগতে পৰিয়ালৰ অনেকজনক এৰি গৈছে ।