ধেমাজি

৪৫ সংখ্যক সদৌ অসম পদ্মনাথ গোহাঞি বৰুৱা সোঁৱৰণী একাংক নাট প্ৰতিযোগিতাৰ ফলাফল ঘোষণা

Asomiya Pratidin

ডিজিটেল সংবাদ,ধেমাজি : ধেমাজিৰ ৰাজহুৱা প্ৰেক্ষাগৃহত ৮ আৰু ৯ ডিচেম্বৰত দুদিনীয়াকৈ অনুষ্ঠিত হোৱা ৪৫ সংখ্যক সদৌ অসম পদ্মনাথ গোহাঞি বৰুৱা সোঁৱৰণী একাংক নাট প্ৰতিযোগিতাৰ ফলাফল ঘোষণা কৰা হয়। ফলাফল অনুসৰি প্ৰথম স্থান লাভ কৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ নাট্যদলৰ নাট জাল , দ্বিতীয় নগাঁওৰ নিবেদন নাট্যদলৰ নাট মই এটি দিনৰ জোনাকী আৰু তৃতীয় স্থান লাভ কৰে কলিয়াবৰৰ শিল্পচৰা নিবেদিত নাট্যদলৰ এলিচ ইন ওৱাণ্ডাৰলেণ্ড নাটখনে ৷

প্ৰতিযোগিতাত শ্ৰেষ্ঠ অভিনেতা হিচাপে গুৱাহাটীৰ অৰুণোদয় নাট্যগোষ্ঠীৰ ক্ষত বিক্ষত সময় নাটকৰ অভিনেতা গণেশ হাজৰিকাই লাভ কৰে ৷ দ্বিতীয় শ্ৰেষ্ঠ অভিনেতা সন্মান লাভ কৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ লিভিং থিয়েটাৰ নাট্যদলৰ জাল নাটৰ অভিনেতা অনুৰাগ বৰাই আৰু তৃতীয় শ্ৰেষ্ঠ অভিনেতা সন্মান লাভ কৰে বোকাখাতৰ দেখহ শুনহ নাট্যগোষ্ঠী নাট্যদলৰ শেষ ভাওনাৰ ভাও নাটকৰ অভিনেতা তৰুণ তীৰ্থ শইকীয়াই ৷

আনহাতে শ্ৰেষ্ঠ অভিনেত্ৰী হিচাপে সন্মান লাভ কৰে দেখহ শুনহ নাট্যগোষ্ঠীৰ অভিনেত্ৰী নিলাক্ষী হাজৰিকাই ৷ দ্বিতীয় শ্ৰেষ্ঠ অভিনেত্ৰী হিচাপে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ লিভিং থিয়েটাৰ নাট্যদলৰ অভিনেত্ৰী লিপিকা বৰাই আৰু তৃতীয় শ্ৰেষ্ঠ অভিনেত্ৰী হিচাপে সন্মান লাভ কৰে গুৱাহাটীৰ অৰুণোদয় নাট্যগোষ্ঠী অভিনেত্ৰী হীমাপ্ৰীতি পাটোৱাৰীয়ে ৷

শ্ৰেষ্ঠ শিশু অভিনেতা হিচাপে সন্মান লাভ কৰে কলিয়াবৰৰ শিল্পচৰা নিবেদন নাট্যদলৰ অভিনেতা অন্তৰীক্ষ দাসে ৷ শ্ৰেষ্ঠ শিশু অভিনেত্ৰী হিচাপে সন্মান লাভ কৰে কলিয়াবৰৰ শিল্পীচৰা নাট্যদলৰ শিশু অভিনেত্ৰী ধৃতি কাকতিয়ে ৷

শেষ দিনাৰ নাট প্ৰতিযোগিতাৰ পূৰ্বে ৰাতি সন্ধিয়া ৭ বজাত সদৌ অসম পদ্মনাথ গোহাঁঞি বৰুৱা সোঁৱৰণী একাংক নাট প্ৰতিযোগিতা সমিতিৰ সভাপতি ড° বুদ্ধিন্দ্ৰ বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা পদ্মনাথ গোহাঞি বৰুৱা নাট্য বঁটা প্ৰদান অনুষ্ঠানত এইবাৰ বিশিষ্ট নাট্যকাৰ ,চিত্ৰশিল্পী ,চ্যুকাফা বঁটা প্ৰাপক ড° পুষ্প গগৈক এই বঁটা প্ৰদান কৰে ৷

ড°পুষ্প গগৈয়ে বঁটা গ্ৰহণ কৰি বক্তব্যত চিত্ৰশিল্প কৰ্মৰ লগতে সৰুৰে পৰাই নাটকৰ কামত কেনেদৰে জড়িত হৈ পৰিছিল ইয়াৰ অভিজ্ঞতা সম্পৰ্কে অভিমত প্ৰকাশ কৰে ৷ সভাত অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি পদ্মনাথ গোহাঞি বৰুৱা সৃষ্টিৰাজিক বিগত ৪৫ বছৰে এই দৰে জীয়াই ৰাখিবলৈ প্ৰয়াস কৰা বাবে তেওঁ উদ্যোগতা সকলক শলাগ লয় ৷

সভাত অসম চৰকাৰৰ অৱসৰপ্ৰাপ্ত জিলা পৰিষদৰ মুখ্য কাৰ্য্যবাহী বিষয়া নৰেন্দ্ৰ পাৱ , বিশিষ্ট নাট্যকাৰদ্বয় হেমন্ত বৰপাত্ৰগোঁহাই আৰু বলীন বৰগোহাঞি,অৱসৰপ্ৰাপ্ত শিক্ষক ৰবি গগৈ , সোনোৱাল কছাৰী স্বায়ত্ত্বশাসিত পৰিষদৰ সদস্যা নন্দিনী ডেকাবৰুৱা , অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী দিপালী গগৈকে ধৰি বহু কেইগৰাকী অতিথি উপস্থিত থাকে ৷