ধেমাজি

বিজ্ঞানৰ প্ৰশ্নকাকত ফাদিল, ৰাজ্যত সৰ্বত্ৰে এতিয়া শিক্ষামন্ত্ৰী আৰু SEBAৰ অধ্যক্ষৰ পদত্যাগৰ দাবী...

Asomiya Pratidin

ডিজিটেল সংবাদ, ধেমাজিঃ প্ৰশ্ন কাকত ফাদিল আৰু মেট্ৰিক পৰীক্ষা বাতিলৰ সিদ্ধান্তক লৈ এতিয়া ৰাজ্যৰ সৰ্বত্তে প্ৰতিবাদ হৈছে ৷ এই লৈ অসম জাতীয়তাবাদী যুৱ পৰিষদৰ ধেমাজি জিলা সমিতিয়ে সোমবাৰে বিয়লি ১২.৩০ বজাত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ পুত্তলিকা দাহ কৰাৰ লগতে SEBAৰ অধ্যক্ষৰ গৰাকীৰ পদত্যাগৰ দাবী তুলি এই কাণ্ডৰ সৈতে জড়িত সকলক শীঘ্ৰেই গ্ৰেপ্তাৰ কৰাৰ দাবীত নগৰৰ তিনি আলিত প্ৰতিবাদী কাৰ্যসূচী ৰুপায়ণ কৰে৷

প্ৰতিবাদকাৰী সকলে হাতে-হাতে বেনাৰ, পোষ্টাৰ, প্লে'কাৰ্ড লৈ ছাত্ৰ-ছাত্ৰী সকলৰ জীৱনকলৈ হেতালি খেলা বন্ধ কৰক , সভাত ভাষণ দি ফুলজাৰি মৰা শিক্ষামন্ত্ৰী মুণ্ডাবাদ, SEBAৰ অধ্যক্ষই শীঘ্ৰেই পদত্যাগ কৰক, প্ৰশ্ন কাকত ফাদিলৰ লগত জড়িত সকলক গ্ৰেপ্তাৰ কৰক ইত্যাদি ধ্বনিৰে প্ৰতিবাদস্থলী উত্তাল কৰি তোলে ৷ প্ৰতিবাদকাৰী সকলে প্ৰতিবাদ স্থলিতে এখনি প্ৰতিবাদী সভাও অনুষ্ঠিত কৰে ৷

প্ৰতিবাদী সভাত অসম জাতীয়তাবাদী যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি উজ্জ্বল চুতীয়াই শিক্ষা বিভাগৰ উদ্ধৰ্তম বিষয়া সকলক ধিক্কাৰ দি প্ৰশ্ন কাকত ফাদিল হোৱা ঘটনাৰ শীঘ্ৰেই চি বি আই তদন্ত দাবী কৰে৷ লগতে এনে কাণ্ডৰ সৈতে জড়িত সকলক গ্ৰেপ্তাৰ কৰাৰ লগতে ছাত্ৰ-ছাত্ৰী সকলৰ ভবিষ্যত সুৰক্ষিত কৰিবলৈ দাবী জনায় ৷