ধেমাজি

পবা বনাঞ্চলত খাদ্য সংকটত ভুগিছে প্ৰায় অৰ্ধ শতাধিক প্ৰভুভক্তই...

Asomiya Pratidin

ডিজিটেল সংবাদ, ধেমাজিঃ জোনাইৰ নদীদ্বীপ কবু চাপৰিত বসবাস কৰি থকা লোকক জোনাই আঞ্চলিক বন বিষয়া কাৰ্য্যালয়ৰ দ্বাৰা প্ৰেৰণ কৰা হৈছিল এক উচ্ছেদৰ জাননী । প্রায় পঞ্চাশৰো অধিক বাসগৃহৰ লোকে চৰকাৰী জাননীক সন্মান জনাই কবু চাপৰি ত্যাগ কৰি নিজা ঘৰ-বাৰী, সম্পত্তি সমূহ লৈ অন্য স্থানলৈ স্থানান্তৰি হয়। কিন্তু ৰৈ গ'ল এজাক প্ৰভুভক্ত।

এই অঞ্চলটোৰ পৰা লোকসকলে প্ৰস্থান কৰাৰ পিছতেই প্ৰভুভক্তৰ এটা দলে এমুঠি অন্নৰ বাবে হাহাকাৰময় পৰিৱেশৰ সৃষ্টি হৈছে পবা বনাঞ্চলত। বনাঞ্চলটোৰ তিনি মাইল ঘাটত দেখিবলৈ পোৱা গৈছে প্ৰভুভক্তৰ এখন দুখ লগা কৰুণ ছবি।

দৈনন্দিন অনাহাৰে লগুনে-ভোকে, খাব নাপাই বিনিদ্ৰ ৰজনী কটাইছে প্ৰভুভক্তই। তিনিমাইল ঘাটৰ এখন তামোল-পানৰ গুমতিৰ আগত খাদ্যৰ বাবে বাট চাব লগা হৈছে প্ৰতিটো দিনে নিশাই।

খাদ্য নাপাই ভোক দূৰ কৰিবলৈ ভক্ষণ কৰিব ধৰিছে পাৰ চৰাই । প্ৰভুভক্তৰ খাদ্য সংকটৰ খবৰে ইতিমধ্যে জোনাইৰ প্ৰকৃতি প্ৰেমীৰ বুকু কঁপাই তুলিছে । অনাসাৰে দিন কটোৱা পবা বনাঞ্চলৰ এই প্ৰভুভক্তৰ খাদ্যৰ নাতনি দূৰ কৰিবলৈ ওলাই আহিল মানৱ দৰদী জোনাইৰ এচাম যুৱ চাম। ভাৰতীয় জনতা প্ৰাৰ্থীৰ পূব জোনাই যুৱ মৰ্চাৰ এদল যুৱকে প্ৰায় অৰ্ধশতাধিক প্ৰভুভক্তক যোগান ধৰিলে এসাজ অন্ন।

উল্লেখ্য বিষয়, কবু চাপৰিৰ উচ্ছেদিত ৰাইজে নিজা ঘৰ-বাৰীৰ লগতে সকলো মূল্যবান সম্পত্তি লৈ স্থানান্তৰিত হ'ল কিন্তু প্ৰভু ভক্তক এনেকৈ কবু চাপৰি আৰু পবা বনাঞ্চলত বক্ষত এৰি থৈ যোৱা ঘটনাই প্ৰকৃতিপ্ৰেমী আৰু সাধাৰণ ৰাইজক চিন্তাত পেলাইছে।তাৰোপৰি কবু চাপৰিৰৰ বৃহৎ এলেকাত শ শ প্ৰভুভক্তই খাদ্যৰ অভাৱত মৃত্যুৰ ক্ষণ গণিব লগা এক পৰিৱেশ সৃষ্টি হৈছে ।

বৰ্তমানলৈ জোনাই মহকুমা পশু চিকিৎসা বিভাগৰ ভূমিকাক লৈ ক্ষুন্ন প্ৰকৃতি প্ৰেমী।ভাৰতীয় জনতা প্ৰাৰ্থীৰ পূব জোনাই যুৱ মৰ্চাৰ যুৱকৰ দলটোৱে জোনাই মহকুমা প্ৰশাসনক খাদ্যৰ সংকটত ভোগা প্ৰভুভক্ত সকলক আহাৰ যোগান ধৰাৰ লগতে সু স্বাস্থ্য কৰি তোলাৰ উপৰিও বিষয়টো গুৰুত্বসহকাৰে লবলৈ আহ্বান জনায়।