মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীক ধন্যবাদ জনালে মিচিং সাহিত্য সভা আৰু মিচিং জনগোষ্ঠীয় সংগঠন সমূহে
মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীক ধন্যবাদ জনালে মিচিং সাহিত্য সভা আৰু মিচিং জনগোষ্ঠীয় সংগঠন সমূহে 
ধেমাজি

মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীক ধন্যবাদ জনালে মিচিং সাহিত্য সভা আৰু মিচিং জনগোষ্ঠীয় সংগঠন সমূহে

Asomiya Pratidin

ডিজিটেল সংবাদ ধেমাজিঃ অসম চৰকাৰ কেবিনেটে মিচিং, ৰাভা, তিৱা, কাৰ্বি, ডিমাচা আৰু দেউৰী জনগোষ্ঠীৰ ভাষাক প্ৰাথমিক পৰ্যায়ত শিক্ষাৰ মাধ্যম হিচাপে অনুমোদন জনোৱাত সমূহ মিচিং জাতীয় সংগঠন আৰু মিচিং ৰাইজৰ হৈ মিচিং আগম কৗবাং (মিচিং সাহিত্য সভা)ই ধন্যবাদ জ্ঞাপন কৰিছে। চৰকাৰৰ এই সিদ্ধান্তত উৎফুল্লিত হৈ সংগঠনটোৱে শনিবাৰে অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, ধেমাজি সমষ্টিৰ বিধায়ক তথা শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ লগতে অসম চৰকাৰৰ মন্ত্ৰী পৰিষদক আন্তৰিকতাৰে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছে ৷

এই উপলক্ষে শনিবাৰে বিয়লি ২ বজাত ধেমাজি কাড়িচুকস্থিত মুৰংঘৰ মিচিং সাহিত্য সভা কেন্দ্ৰীয় কাৰ্যালয়ত এক সংবাদমেল অনুষ্ঠিত কৰে৷ মিচিং আগম কৗবাঙৰ সচিব সোনেশ্বৰ কাপ্তাকে আতঁ ধৰা সংবাদমেলত বিগত ৪৫ বছৰীয়া মিচিং জনগোষ্ঠীটোৰ ভাষা সংগ্ৰামক অন্ত পেলাই মিচিং ভাষাক প্ৰাথমিক বিদ্যালয় পৰ্যায়ত শিক্ষাৰ মাধ্যম হিচাপে অনুমোদন জনোৱাত আমি আজি সকলোৱে অতিশয় আনন্দিত হৈছোঁ বুলি মত প্ৰকাশ কৰে মিচিং সাহিত্য সভাৰ সভাপতি হৰিনাৰায়ণ পেগু ,উপ-সভাপতি কালিনাথ পাংগিং, সহকাৰী সম্পাদক ডাঃ সুৰজিৎ পেগু আৰু টাকাম মিচিং পৰিং কৗবাঙৰ (টি এম পি কে) সম্পাদক চান পাংগিঙে ৷

সংবাদমেলত মিচিং আগম কেবাং,টি এম পি কে আৰু এম এ চিৰ বিষয়ববীয়া ক্ৰমে প্ৰভাত মিলি, নৰেশ পেগু, প্ৰবীন মিলি, য়কচা কুলি, টুনিৰাম পাংগিং, মুনিন্দ্ৰ দলে, হেম কান্ত পেগু, বাস্তৱ লাগাচু, বানীকান্ত দলে আৰু লাৱন্য মিলি উপস্থিত থাকে ৷