ধেমাজি

দিন দুপৰতে চোৰে লুটি নিলে চাৰি লাখ টকাৰ সোণৰ আ-অলংকাৰ...

Asomiya Pratidin

ডিজিটেল সংবাদ, ধেমাজিঃ ধেমাজি নগৰৰ মাজমজিয়াৰ ৩ নম্বৰ ৱাৰ্ডৰ টঙনাপৰা পৰা বৃহস্পতিবাৰে দিন দুপৰতে চোৰে তলা ভাঙি চাৰি লাখ টকাৰ সোনৰ আ- অলংকাৰ লুটি নিয়া ঘটনাই নগৰৰ সকলোকে সংকিত কৰি তুলিছে ৷ উল্লেখ্য যে ঘৰত কোনো নথকা সুযোগ গ্ৰহণ কৰি বিয়লি প্ৰায় ১.৩০ বজাত টঙনাপৰাৰ চন্দ্ৰপ্ৰভা বুঢ়াগোহাঁই গৃহত চোৰৰ দলে প্ৰবেশ কৰি প্ৰথমে ভেন্টিলেটৰৰ গ্লাচ ভাঙে ।

পিছত মূল ঘৰৰ তলা ভাঙি ভিতৰত সোমাই চাৰিটাকৈ লোহাৰৰ আলমিৰা ভাঙি সকলো সোনৰ আ-অলংকাৰ লৈ উধাও হয় ৷ পৰিয়ালে ইতিমধ্যে ধেমাজি সদৰ আৰক্ষী থানাত এজেহাৰ দাখিল কৰিছে । এজাহাৰ দাখিলৰ পিছতেই আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে ৷