ধেমাজি

ধেমাজি উচ্চতৰ বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ সমাৰোহ অনুষ্ঠিত...

Asomiya Pratidin

ডিজিটেল সংবাদ, ধেমাজি : ধেমাজি জিলা সদৰৰ  অন্যতম শিক্ষা অনুষ্ঠান ধেমাজি উচ্চতৰ মাধ্যমিক বিদ্যালয়ে অহা ২০২৪ বৰ্ষত গৌৰৱোজ্বল ৭৫ সম্পূৰ্ণ কৰিব ৷ এনে গৌৰৱাম্বিত সময়তে বিদ্যালয়খনৰ সকলো প্ৰাক্তন ছাত্ৰক সংঘবদ্ধ কৰাৰ উদ্দেশ্যে দেওবাৰে ধেমাজি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ  সন্মিলন 'সতীৰ্থ' ৰ  উদ্যোগত প্ৰাক্তন ছাত্ৰ সমাৰোহ অনুষ্ঠিত হয়৷  ধেমাজি নগৰৰ সদৰত ১৯৪৯ চনত স্থাপিত হোৱা ঐতিহ্যমণ্ডিত বিদ্যালয়খনে আৰম্ভণিতে ধেমাজি ল'ৰা উচ্চ মাধ্যমিক হিচাপে আছিল যদিও পৰবৰ্তী ১৯৮৫ চনৰ পৰাহে ধেমাজি উচ্চতৰ মা্ধ্যমিক বিদ্যালয় হিচাপে স্বীকৃতি পাইছিল ৷ ঐতিহ্যমণ্ডিত বিদ্যালয়খনৰ সমূহ প্ৰাক্তন ছাত্ৰ সতীৰ্থৰ জৰিয়তে সকলোকে একত্ৰিত কৰাৰ উদ্দেশ্য দেওবাৰে অনুষ্ঠিত কৰা সমাৰোহে বিগত সময়ৰ অতীত গাঁথা ৰোমন্থন কৰি গৌৰাৱান্বিত, আবেগ বিহ্বল আৰু ৰোমাঞ্চিত হৈ পৰে সমবেত প্ৰাক্তন ছাত্ৰ সতীৰ্থসকলে ৷

কাৰ্য্যসূচী অনুসৰি পুৱা ৭ বজাত পঞ্জীয়নৰ পিছতেই পুৱা ৯ .৩৫ বজাত ধেমাজি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পতাকা উত্তোলন কৰে বিদ্যালয়খনৰ অধ্যক্ষা দেৱজ্যোতি কছাৰীয়ে, একেসময়তেই প্ৰাক্তন ছাত্ৰ সন্মিলন 'সতীৰ্থ' ৰ পতাকা উত্তোলন কৰে  প্ৰাক্তন ছাত্ৰ সন্মিলন 'সতীৰ্থ'ৰ সভাপতি নবীন কামান আৰু ১৯৫৫ চনৰ পৰা ২০২১বৰ্ষলৈকে সতীৰ্থৰ প্ৰতিটো বৰ্ষৰ পতাকা উত্তোলন কৰে প্ৰতিবৰ্ষৰ সতীৰ্থই ৷ পুৱা ৯.৫৫ বজাত স্মৃতি তৰ্পন কাৰ্য্যসূচী সমাপন কৰে প্ৰাক্তন ছাত্ৰ তথা সাহিত্যিক পেঞ্চনাৰ  উমেশ চেতিয়াই । পুৱা ১০.৩০ বজাত ধেমাজি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলৰ দ্বাৰা গুৰু বন্দনা, স্তুতি পৰিৱেশন কৰে ৷

পুৱা ১১ .৩৫ বজাত ১৯৫৫ চনৰ ২০২২ বৰ্ষলৈ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ আৰু ১৯৮৫ চনৰ পৰা ২০২২ বৰ্ষলৈ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত উত্তীৰ্ণ হোৱা ছাত্ৰ সকলক সম্বধৰ্না জনোৱা সতীৰ্থ মহামিলন অনুষ্ঠিত হয় ৷ ইয়াৰ আগে এই প্ৰাক্তন ছাত্ৰ সতীৰ্থ মহামিলনৰ কাৰ্যসূচী শুভ উদ্বোধন কৰে অসম চৰকাৰৰ  শিক্ষা তথা ভৈয়াম জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণী উন্নয়ন মন্ত্ৰী ডাঃ ৰনোজ পেগুৱে ৷ সভাৰ আদৰণি ভাষন দিয়ে ধেমাজি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ সন্মিলন 'সতীৰ্থ'ৰ সম্পাদক কন্দৰ্প তামুলীয়ে ৷

অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি দুআষাৰ বক্তব্য ৰাখে লখিমপুৰ লোকসভাৰ সাংসদ প্ৰদান বৰুৱা, ধেমাজি জিলা সংমণ্ডলৰ বিদ্যালয় সমূহৰ পৰিদৰ্শক কবিতা ডেকা আৰু ধেমাজি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শৈক্ষিক তত্বাৱধায়িকা ক্ষীৰদা বুঢ়াগোহাঁইয়ে ৷ বিয়লি ২ .১৫ বজাত “পাহৰিব নোৱাৰিলোঁ যি ” শীৰ্ষক সতীৰ্থৰ অন্তৰংগ অনুষ্ঠান অনুষ্ঠিত হয় ৷