ধেমাজি

নিজৰ আৱক্ষ মূৰ্তি আৰু সংগ্ৰহালয় চাই আপ্লুত হৈ পৰিল মহীৰূহ ড০ নগেন শইকীয়া...

Asomiya Pratidin

ডিজিটেল সংবাদ, ধেমাজি : অসমীয়া সাহিত্য জগতৰ মহিৰূহ, মিতভাষৰ স্ৰষ্টা ড০ নগেন শইকীয়াৰ শনিবাৰে আৱক্ষ মূৰ্তি স্থাপন হ'ল ধেমাজি বালিকা মহাবিদ্যালয়ত ৷ মুকলি কৰা হ'ল ড০ নগেন শইকীয়া সংগ্ৰহালয় ৷ জীৱন্ত কালতে নিজৰ নামত আৱক্ষ মূৰ্তি উন্মোচন আৰু সংগ্ৰহালয় মুকলি কাৰ্যসূচীত উপস্থিত থাকি আপ্লুত হৈ পৰে অসমৰ সাহিত্য জগতৰ মহীৰূহগৰাকী ৷

উল্লেখ্য যে, সংগ্ৰহালয়টোত ৰখা হৈছে ড০ নগেন শইকীয়াৰ দ্বাৰা সৃষ্টি ৰচনাৰ লগতে মহীৰূহগৰাকীৰ ব্যৱহৃত ঘড়ী, চচমাৰ পৰা আৰম্ভ কৰি বিভিন্ন সামগ্ৰী ৷ ধেমাজি বালিকা মহাবিদ্যালয়ৰ উদ্যোগত আৰু ধেমাজিৰ আৰ্থ-সামাজিক অনুষ্ঠান ভোগজৰাৰ সহযোগত আয়োজিত অনুষ্ঠানত মহীৰূহগৰাকীৰ উপস্থিতিতে তেওঁৰ প্ৰতিমূৰ্তি উন্মোচন কৰে ধেমাজি জিলাৰ উপায়ুক্ত অংকুৰ ভৰালীয়ে ৷

লগতে "ড° নগেন শইকীয়া সংগ্ৰহালয়" উন্মোচন কৰে জ্যেষ্ঠ সাংবাদিক ও সাহিত্যিক পেঞ্চনা উমেশ চেতিয়াই ৷ এই উপলক্ষে শণিবাৰে দুপৰীয়া ১২.০০ বজাত মহাবিদ্যালয়ৰ অধ্যক্ষ ড° দিপক বৰগোহাঁইৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত অতিথি হিচাবে শিক্ষাবিদ তথা লখিমপুৰ বালিকা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড° মুকুন্দ ৰাজবংশী, ধেমাজি মহাবিদ্যালয়ৰ অধ্যক্ষ ড° দিপক কুমাৰ নেওগ, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক ৰাতুল বৰগোহাঁই, সাহিত্যিক পেঞ্চনা উমেশ চেতিয়া,

ধেমাজি মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড° বুদ্ধিন্দ্ৰ বৰুৱা, ধেমাজি বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ বীৰেন কুমাৰ কোঁৱৰ, টাই গৱেষক ড° পুষ্প গগৈ, ধেমাজি বাণিজ্য মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক তথা অধিবক্তা ডিম্বেশ্বৰ বৰুৱা, অধ্যাপক নগেন শইকীয়া, স্বাৰস্বত ন্যাসৰ সম্পাদক বীৰেন বৰুৱা উপৰিও ধেমাজি, লখিমপুৰ আৰু ডিব্ৰুগড়ৰ বহুসংখ্যক বিশিষ্ট গণমান্য লোকে উপস্থিত থাকে ৷

সভাতেই ড° নগেন শইকীয়াক ধেমাজি আৰ্থ-সামাজিক সংগঠন ভোগজৰা, ধেমাজি জিলা ছাত্ৰ সন্থা, জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ ধেমাজি জিলা সমিতি, ধেমাজি জিলা সাহিত্য সভা, ধেমাজি প্ৰেছ ক্লাব, ধেমাজি জিলা সাংবাদিক সন্থা, তাই আহোম ছাত্ৰ সন্থা, ধেমাজি বালিকা মহাবিদ্যালয় কৰ্তৃক্ষৰ লগতে ধেমাজি বহুসংখ্যক অনুৰাগীয়ে সম্বধৰ্না জনায় ৷