ধেমাজি

ধেমাজি জিলা সমল ব্যক্তিৰ প্ৰশিক্ষণ কাৰ্যসূচীৰ সফল সামৰণি

Asomiya Pratidin

ডিজিটেল সংবাদ,ঢকুৱাখনা : সমগ্ৰ শিক্ষা, ধেমাজি জিলাৰ উদ্যোগত আগত গুণোৎসৱৰ প্ৰতি লক্ষ্য ৰাখি ধেমাজি জিলাখনৰ বিদ্যালয়সমূহৰ পৰিচালনা সমিতিসমূহৰ সভাপতি আৰু সদস্যসকলৰ প্ৰশিক্ষণ কাৰ্যসূচী শনিবাৰে সফলতাৰে সম্পন্ন হয়। জিলাখনৰ  বৰদলনি আৰু মূর্কংচেলেক শিক্ষা খণ্ডৰ অধীনৰ মণ্ডল পৰ্য্যায়ৰ সমল ব্যক্তি হিচাপে প্ৰায় ৩১৪ গৰাকী বাছনিকৃত শিক্ষাগুৰুক যোৱা ২০ ডিচেম্বৰৰ পৰা পৰ্য্যায় ভিত্তিত প্ৰশিক্ষণ প্ৰদান কৰা হৈছিল।

ধেমাজি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত উক্ত প্ৰশিক্ষণ কালত বিদ্যালয় এখনৰ সৰ্বাংগীন বিকাশত পৰিচালনা সমিতিৰ দায়িত্ব আৰু কৰ্তব্য বহুলাংশে বৃদ্ধি পোৱা বুলি উল্লেখ কৰি,পৰিচালনা সমিতি সমূহক শিক্ষানুষ্ঠানখনৰ মেৰুদণ্ডৰ লগত তুলনাৰে এক মননশীল তথা তত্বগধুৰ ব্যক্তব্যৰে প্ৰথম দিনাৰ আদৰণি ভাষণ ৰাখে জিলা শিক্ষা বিষয়া বিতোপন হাজৰিকাই। বিগত তিনিদিনীয়া প্ৰশিক্ষণৰ সময়ছোৱাত,পৰিচালনা সমিতিসমূহৰ প্ৰতিগৰাকী সদস্য-সদস্যাই যাতে নিজ নিজ বিদ্যালয়সমূহৰ প্ৰতি নিজৰ কৰ্তব্যবোধ অনুভৱ বা দায়িত্ববোধৰ প্ৰতি সচেষ্ট হয় আৰু পৰিচালনা সমিতিসমূহ দক্ষ তথা শক্তিশালী হিচাপে আত্মপ্ৰকাশ কৰিবলৈ সক্ষম হয় তাৰ ওপৰত এই প্ৰশিক্ষণত অধিক গুৰুত্ব প্ৰদান কৰা হয়।

প্ৰশিক্ষণকালত বিদ্যালয়সমূহৰ পৰিচালনা সমিতিৰ সদস্যসকলৰ সক্ৰিয় অংশগ্ৰহণ , বিভিন্ন আঁচনি তথা আবন্তিত পুঁজিৰ সঠিক ব্যৱহাৰ,সমীপৱৰ্তী অঞ্চলৰ বিদ্যাৰ্থীৰ ১০০% অংশগ্ৰহণ নিশ্চিত কৰা,অঞ্চলৰ ৬ বছৰৰ পৰা ১৮ বছৰৰ প্ৰতিগৰাকী শিশুৱে শিক্ষা অধিকাৰ আইনৰ জৰিয়তে বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষা লাভ কৰিব পাৰে আদি সকলো বিষয়ৰ ওপৰত মাৰ্গ দৰ্শন প্ৰদান কৰি সঠিক দক্ষতা আহৰণ কৰা বিষয় সন্দৰ্ভতো গুৰুত্ব প্ৰদান কৰা হয়। সামৰণি অনুষ্ঠানত ধেমাজি জিলাৰ অতিৰিক্ত আয়ুক্ত ড০ সঞ্জীৱ কুমাৰ ফুকন, জিলা আঁচনি বিষয়া অৰুনিমা দুৱৰা,পঞ্জাব দলে  আৰু ধেমাজি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা দেৱজ্যোতি কছাৰী সন্দিকৈ, পংকজ বৰাৰ লগতে শিক্ষা বিভাগৰ দুগৰাকী কৰ্মচাৰী ক্ৰমে বিজন দেউৰী আৰু জ্যোতি দিহিঙ্গীয়াই আগবঢ়াই অহা বৰেণ্য সহযোগিতাৰ শলাগ লোৱা হয়।

উল্লেখযোগ্য যে উক্ত তিনিদিনীয়া প্ৰশিক্ষণ কালত বিশেষ সমল ব্যক্তি হিচাপে বস্তুনিষ্ঠ আৰু প্ৰায়োগিক প্ৰশিক্ষণ প্ৰদান কৰে  খণ্ড সমল ব্যক্তি ক্ৰমে মুকুল সুত, কনক গগৈ , ৰূপ শিখা গগৈ আৰু প্ৰণতি দেৱী শৰ্মাই।