ধেমাজি

চিলাপথাৰ, আৰ্চিপথাৰত উপায়ুক্তৰ ধান ক্ৰয় কেন্দ্ৰ পৰিদৰ্শন...

Asomiya Pratidin

ডিজিটেল সংবাদ, ধেমাজি : ধেমাজি জিলাৰ কৃষক সকলে যাতে উৎপাদিত শালিধানৰ উচিত মূল্য লাভ কৰে তাৰবাবে কোনো মধ্যভোগী অবিহনে ধানবোৰ চৰকাৰী বিক্ৰী কেন্দ্ৰত জমা দিবলৈ আহ্বান জনাইছে জিলা উপায়ুক্ত পল্লবী ফুকনে। শুকুবাৰে উপায়ুক্ত গৰাকীয়ে জিলাখনৰ ধান ক্ৰয় পৰিস্থিতিৰ বুজ লোৱাৰ উদ্দেশ্যে কেবাটাও কেন্দ্ৰ পৰিদৰ্শন কৰে।

তেওঁ চিলাপথাৰ নগৰৰ গৰুবজাৰত থকা অসম খাদ্য আৰু অসামৰিক যোগান নিগমৰ ধান ক্ৰয় কেন্দ্ৰটোৰ উপৰি আৰ্চিপথাৰত থকা ভাৰতীয় খাদ্য নিগমৰ ক্ৰয় কেন্দ্ৰটো পৰিদৰ্শন কৰে। এই সময়চোৱাত তেওঁ বিভাগীয় বিষয়া-কৰ্মচাৰীৰ উপৰি স্থানীয় কৃষক সকলৰ সৈতেও আলোচনাত মিলিত হৈ অৱস্থাৰ বুজ লয়। তেওঁ জিলাখনৰ কৃষক সকলে চৰকাৰে আগবঢ়োৱা নুন্যতম সমৰ্থন মূল্যত ধান বিক্ৰীৰ এই সুবিধা সৰ্বাধিক মাত্ৰাত গ্ৰহণ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। উপায়ুক্ত গৰাকীৰ সৈতে এই ভ্ৰমণ কালত অতিৰিক্ত উপায়ুক্ত মিৰ্জানা হুছেইন আৰু খাদ্য আৰু অসামৰিক যোগান বিভাগৰ সহকাৰী সঞ্চালক বিৰিঞ্চি কুমাৰ দত্তও উপস্থিত থাকে।

উল্লেখযোগ্য যে উপায়ুক্ত গৰাকীৰ পৰামৰ্শ ক্ৰমে যোৱা কালিও মাছখোৱাৰ জুলিআলিত এটা নতুন ধান ক্ৰয় কেন্দ্ৰ স্থাপন কৰাত জিলাখনত ক্ৰয় কেন্দ্ৰৰ সংখ্যা ৬ টালৈ বৃদ্ধি হ'ল। এই কেন্দ্ৰ সমূহৰ জৰিয়তে এতিয়ালৈকে ৫৯০০ মেট্ৰিক টন ধান খেতিয়কৰ পৰা পোনপটীয়াকৈ ক্ৰয় কৰিছে ৷ চলিত ঋতুৰ ভিতৰত জিলাখনৰ কৃষকৰ ৩৩০০০ মেট্ৰিক টন ধান প্ৰতি কুইন্টলত ২০৪০ টকা দৰত আহৰণৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে জিলা প্ৰশাসনে ৷ সেইয়ে এই বিষয়ে সকলো কৃষককে সহযোগ আগবঢ়াবলৈ ধেমাজি উপায়ুক্ত গৰাকীয়ে আহ্বান জনাইছে।

উল্লেখযোগ্য যে, চৰকাৰী ধান ক্ৰয় কেন্দ্ৰ‌ৰ জৰিয়তে ধান বিক্ৰী কৰিলে কৃষক সকলে চৰকাৰে নিৰ্ধাৰণ কৰা নূন্যতম সমৰ্থন মূল্য লাভ কৰিছে ৷