ধেমাজি

ৰন্ধন গেছ চিলিণ্ডাৰৰ চোৰাং ব্যৱসায়ীক গ্ৰেপ্তাৰ

Asomiya Pratidin

ডিজিটেল সংবাদ,ধেমাজি : ধেমাজি জিলাৰ চিলাপথাৰৰ ৰন্ধন গেছ চিলিণ্ডাৰৰ চোৰাং ব্যৱসায়ীক গ্ৰেপ্তাৰ। চিচিবৰগাঁওৰ পৰা অৰুণাচল,নাগালেণ্ডৰ বিভিন্ন অঞ্চলসমূহত দীৰ্ঘদিন ধৰি অবাধে ৰন্ধন গেছ চিলিণ্ডাৰৰ চোৰাং ব্যৱসায় চলাই থকা মনোজ দত্ত (৩৫) নামৰ এগৰাকী চোৰাং ব্যৱসায়ীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।

চিলাপথাৰ আৰক্ষীয়ে দিয়া তথ্যৰ ভিত্তিত সোমবাৰে নিশা জাগীৰোড আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৷ উল্লেখ্য যে দুটা গেছ চিলিণ্ডাৰৰ চোৰাং ব্যৱসায় আৰু এটা মাৰপিট গোচৰকে ধৰি মুঠ ৩টাকৈ গোচৰত পলাতক হৈ থকা মনোজ দত্তই চিলাপথাৰৰ পৰা গুৱাহাটীলৈ গৈ থকা অৱস্থাত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।

জানিব পৰা মতে চিলাপথাৰ আৰক্ষীৰ গোপন খবৰৰ ভিত্তিত জাগীৰোড আৰক্ষীয়ে উক্ত নিশা জাগীৰোডত গ্ৰেপ্তাৰ কৰা হয় বুলি ধেমাজি জিলা আৰক্ষী অধীক্ষক ৰঞ্জন ভূঞাই জনায় ৷ ধৃত ব্যৱসায়ীজনক জাগীৰোডৰ পৰা আনি বুধবাৰে চিলাপথাৰ আৰক্ষীয়ে ধেমাজি আদালতত হাজিৰ কৰে। ইয়াৰ পিচতে আদালতে চিলাপথাৰ আৰক্ষীক ৩দিনৰ বাবে আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰে ৷