ধেমাজি

বড়ো কছাৰী কল্যাণ স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যালয়ত বড়ো শান্তি চুক্তি দিৱস উদযাপন

Asomiya Pratidin

ডিজিটেল সংবাদ,ধেমাজি : দীঘলীয়া আন্দোলনৰ ফলশ্রুতিত কেন্দ্রীয়, ৰাজ্য চৰকাৰৰ সৈতে এন ডি এফ বিৰ ২টা গোট আৰু এবছু,ইউ বি পি অ'ৰ মাজত ২০২০ চনৰ ২৭ জানুৱাৰী অৰ্থাৎ আজিৰ দিনটোতে তৃতীয় বড়ো শান্তি চুক্তি নতুন দিল্লীত স্বাক্ষৰিত হৈছিল। তৃতীয় বড়ো শান্তি চুক্তিৰ ৪টা বছৰত ভৰি দিয়া উপলক্ষে বড়ো কছাৰী কল্যাণ স্বায়ত্ত শাসিত পৰিষদ আৰু স্বাক্ষৰকাৰী সংগঠন সংযুক্ত বড়ো গণ মঞ্চ চমুকৈ ইউ বি পি অ'ৰ উদ্যোগত শনিবাৰে দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে চতুর্থ বার্ষিক তৃতীয় বড়ো শান্তি চুক্তি দিৱস বড়ো কছাৰী কল্যাণ স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যালয়ত উদযাপন কৰে।

সংযুক্ত বড়ো গণমঞ্চৰ সভাপতি মনোৰঞ্জন বসুমতাৰীয়ে পতাকা উত্তোলন কৰা অনুষ্ঠানত বড়ো জনগোষ্ঠীৰ জাতীয় শ্বহীদ সকলক স্মৰণ কৰি স্মৃতি তৰ্পন কৰে বড়ো কছাৰী কল্যাণ স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য মিহিনেশ্বৰ বসুমতাৰীয়ে ।অনুষ্ঠানত উপস্থিত থাকি বি টি আৰৰ বাহিৰত থকা ১০লক্ষাধিক বড়ো জনগোষ্ঠীৰ বিভিন্ন সমস্যাক লৈ দাবী তোলে সংযুক্ত বড়ো গণমঞ্চৰ সভাপতি মনোৰঞ্জন বসুমতাৰীয়ে।

ইয়াৰ পিছতে বড়ো জনগোষ্ঠীৰ বিভিন্ন সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰি জনগোষ্ঠীটোৰ সৰ্বতোপ্ৰকাৰ উত্তৰণৰ বিষয়ে সমল ব্যক্তিসকল বক্তব্য প্ৰদান কৰে। ইয়াৰ পিছতে বড়ো কছাৰী কল্যাণ স্বায়ত্তশাসিত পৰিষদক সম্পূর্ণৰূপে গঠন কৰি গাঁও চিনাক্তকৰণ আৰু সমষ্টি নিৰ্ধাৰণ কৰিবলৈ দাবী সংযুক্ত বড়ো গণমঞ্চৰ সভাপতি মনোৰঞ্জন বসুমতাৰীৰ।

অনুষ্ঠানত বড়ো কছাৰী কল্যাণ স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য মিহিনেশ্বৰ বসুমতাৰী,বড়ো কছাৰী কল্যাণ স্বায়ত্ত শাসিত পৰিষদৰ কাৰ্যবাহী সদস্যসকলৰ লগতে বহু বৰেণ্য ব্যক্তি উপস্থিত থাকে।