বিহু সন্মিলন
বিহু সন্মিলন 
ধেমাজি

চিলাপথাৰত বিহু সন্মিলনৰ আয়োজন...

Asomiya Pratidin

ডিজিটেল সংবাদ, চিলাপথাৰঃ বিগত বৰ্ষৰ দৰে এইবাৰো সোমবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হ'ল একাদশ বাৰ্ষিক চিলাপথাৰ ৰঙালি বিহু সন্মিলন । খনামুখ আঞ্চলিক যুৱক সংঘৰ বাকৰিত আয়োজক সন্মিলনৰ দ্বাৰা আজি পুৱা স্মৃতি তৰ্পন, পতাকা উত্তোলন আদিৰে বিহুৰ আৰম্ভণি হয় ।

মূল তোৰণ উদঘাটনৰ পিছতে আৰম্ভ হয় পৰম্পৰাগত খেল প্ৰতিযোগীতাৰ প্ৰদৰ্শনী আৰু প্ৰতিযোগিতা । বিশেষকৈ চকুত কাপোৰ বান্ধি হাঁহ ধৰা খেলাই বাৰুকৈয়ে আমোদ দিয়ে উপস্থিত ৰাইজক । তদুপৰি মিউজিক চেয়াৰ, টেকেলি ভঙা,ঘিলা, প্ৰতীকি কুকুৰা যুঁজ আদি খেলে ওৰেটো দিন প্ৰাণৱন্ত কৰি ৰাখে ৰাইজক ।

অন্তিম দিনটোত বিহু সন্মিলনীৰ উপলক্ষত চাৰিশ পৃষ্ঠাযোৰা বিশাল স্মৃতিগ্ৰন্থ 'বৰ্হমথুৰি' উদ্বোধন কৰাৰ পিছতে তিনিজনকৈ বিশিষ্ট ব্যক্তিক সম্বৰ্দ্ধনা জনাব সংগঠনটোৱে । কাৰ্যসূচীত কেইবাজনো আছুৰ শীৰ্ষ নেতাৰ লগতে বিভিন্ন জনগোষ্ঠীয় সংগঠনৰ নেতা আৰু বিশিষ্ট ব্যক্তি উপস্থিত থাকিব বুলি সংগঠনটোৱে প্ৰকাশ কৰিছে ।

বিহু সন্মিলন