অধিৱেশনক লৈ প্ৰস্তুতি
অধিৱেশনক লৈ প্ৰস্তুতি 
ধেমাজি

সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেছনৰ পঞ্চদশ দ্বি-বাৰ্ষিক অধিৱেশনক লৈ প্ৰস্তুতি...

Asomiya Pratidin

ডিজিটেল সংবাদ, চিলাপথাৰঃ ২৬ মে'ৰ পৰা চিলাপথাৰত বাঙালী যুৱ ছাত্ৰ ফেডাৰেছনৰ কেন্দ্ৰীয় অধিৱেশন অনুষ্ঠিত হ'ব । কাইলৈৰ পৰা আয়োজন হ'বলগীয়া অধিৱেশনখনিক লৈ প্ৰস্তুতি তুংগত উঠিছে । লক্ষাধিক লোকক আদৰিবলৈ সাজু নেতাজী সমন্বয় ক্ষেত্ৰ। অহা ২৬,২৭,২৮,২৯ আৰু ৩০ মে'ত পাঁচ দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেছনৰ পঞ্চদশ দ্বি-বাৰ্ষিক আৰু ধেমাজি জিলাৰ অষ্টম দ্বি বাৰ্ষিক অধিৱেশন।

পঞ্চদশ দ্বি-বাৰ্ষিক অধিৱেশন

চিলাপথাৰ ভৈৰৱপুৰ নেতাজী ক্ষেত্ৰত আয়োজিত অধিৱেশনৰ বাবে দিবা নৈশে অব্যাহত আছে নিৰ্মাণ কাৰ্য । বৰাক-ব্ৰহ্মপুত্ৰ উপত্যকাৰ লক্ষাধিক প্ৰতিনিধি আৰু ৰাইজক আদৰিবলৈ সাজু অভ্যৰ্থনা সমিতি।

অন্তিম দিনটোৰ মুকলি সভাত উপস্থিত থাকিব অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, মন্ত্ৰী-বিধায়কৰ লগতে বহু বিশিষ্ট ব্যক্তি আৰু বিভিন্ন সংগঠনৰ নেতা । অধিৱেশনত প্ৰদৰ্শন কৰা হ'ব বিভিন্ন জাতি জনগোষ্ঠীৰ কৃষ্টি সংস্কৃতি । অব্যাহত আছে সাংস্কৃতিক দলৰ আখৰা । অন্তিম দিনা অনুষ্ঠান পৰিৱেশন কৰিব যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গ, ইণ্ডিয়ান আইডলখ্যাত অৰুণিমা কাঞ্জিলাল, জনপ্ৰিয় অভিনেত্ৰী শ্ৰাৱন্তী চেটাৰ্জীৰ লগতে বহু জনপ্ৰিয় শিল্পীয়ে।