আজি এবছুৰ চিলাপথাৰ আঞ্চলিকৰ ৪১ সংখ্যক অধিবেশন...
আজি এবছুৰ চিলাপথাৰ আঞ্চলিকৰ ৪১ সংখ্যক অধিবেশন... 
ধেমাজি

আজি এবছুৰ চিলাপথাৰ আঞ্চলিকৰ ৪১ সংখ্যক অধিবেশন...

Asomiya Pratidin

ডিজিটেল সংবাদ চিলাপথাৰঃ নিখিল বড়ো ছাত্ৰ সন্থাৰ (এবছুৰ) চিলাপথাৰ আঞ্চলিকৰ ৪১ সংখ্যক অধিবেশন আজি চিলি ভগৱানস্থিত মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হয়। দিনজোৰা কাৰ্যসূচিৰে অনুষ্ঠি হোৱা আধিবেশনত সংগঠনটোৰ পতাকা উত্তোলন আৰু ছহিদ তৰ্পণৰ পিছতে প্ৰতিনিধি সভাৰ উদ্বোধন কৰে সংগঠনটোৰ চিলাপথাৰ আঞ্চলিক প্ৰাক্তন সভাপতি মহৎ খাকলাৰীয়ে।

এটি শ্ৰুতিমুধৰ জনগোষ্ঠীয় গীতিৰে আৰম্ভ হোৱা প্ৰতিনিধি সভাৰ পৰ্যবেক্ষক হিচাপে‌ এবছুৰ জিলা সভাপতি টেনজিং বড়োৰ লগতে উপস্থিত থাকে এবছুৰ বহু বিষয়ববীয়া। বৃহত্তৰ অঞ্চলটোৰ বিভিন্ন শাখাৰ পৰা প্ৰায় পাঁচশতাধিক প্ৰতিনিধিয়ে ভাগ লোৱা প্ৰতিনিধিৰ আঞ্চলিক সভাপতি প্ৰবীণ খাকলাৰী আৰু সম্পাদকে অভ্যাগতসকলৰ এখনকৈ আৰনাইৰে আদৰণি জনায়।

সভাত বড়ো অধ্যুষিত বিভিন্ন গাঁৱৰ আৰ্থ-সমাজিক, সাংস্কৃতিক,শৈক্ষিক আদি বিভিন্ন সমস্যা আৰু ইয়াৰ সমাধানৰ ওপৰত বিস্তাৰিতভাৱে আলোচনা কৰে। অনুষ্ঠানত অঞ্চলটোৰ বহু সমাজকৰ্মী,শিক্ষাবিদ আৰু ছাত্ৰ সংগঠনৰ প্ৰাক্তন কৰ্মীৰ উপস্থিতিত গঠনমূলক পৰামৰ্শ বক্তব্য প্ৰদান কৰে।