ছাত্ৰ সন্থাৰ প্ৰতিবাদ
ছাত্ৰ সন্থাৰ প্ৰতিবাদ 
ধেমাজি

ৰাজ্য চৰকাৰৰ মাতৃভাষা মাধ্যম বিৰোধী সিদ্ধান্ত বাতিলৰ দাবীত ধেমাজি জিলা ছাত্ৰ সন্থাৰ প্ৰতিবাদ...

Asomiya Pratidin

ডিজিটেল সংবাদ, ধেমাজিঃ অসম চৰকাৰৰ মাতৃভাষা মাধ্যম বিৰোধী সিদ্ধান্ত বাতিলৰ দাবীত সদৌ অসম ছাত্ৰ সন্থাৰ আহবান মৰ্মে শনিবাৰে এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হয় । পুৱা ১১ বজাৰ দুপৰীয়া ১২ বজাৰলৈকে এক ঘন্টাতকৈ অধিক সময় ধৰি ধেমাজি নগৰত ধেমাজি জিলা ছাত্ৰ সন্থাৰ তিনি শতাধিক কৰ্মীয়ে হাতে-হাতে ছাত্ৰ সন্থাৰ পতাকালৈ এক বিক্ষোভ কাৰ্য্যসূচী পালন কৰে ৷

ধেমাজি আঞ্চলিক ছাত্ৰ সন্থাৰ কাৰ্য্যালয়ৰ সমীপৰ পৰা ধেমাজি চাৰি আলিলৈকে ধেমাজি নগৰখনৰ ১৫ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথেৰে প্ৰতিবাদ কৰি বিজেপি চৰকাৰ হায় হায়, শিক্ষামন্ত্ৰী ৰনোজ পেগু কাম নাই , মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা হায় হায়, অসমীয়া মাধ্যম ধংস কৰিব বিচৰা কাৰ্য্য শীঘ্ৰে বন্ধ কৰক, সদৌ অসম ছাত্ৰ সন্থাৰ জিন্দাবাদ ধৱনিৰে উত্তাল কৰি তোলে ৷ কাৰ্য্যসূচীৰ অন্তত স্থলিতে এখনি প্ৰতিবাদী সভাও অনুষ্ঠিত হয় ৷

ধেমাজি জিলা ছাত্ৰ সন্থাৰ সম্পাদক জয়ন্ত বৰগোহাঁইয়ে আতঁ ধৰা প্ৰতিবাদী সভাত সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দীয় কাৰ্য্যনিৰ্বাহকদ্বয় ৰবি কছাৰী , ৰাজীৱ গগৈ আৰু ধেমাজি জিলা ছাত্ৰ সন্থাৰ সভাপতি সঞ্জীৱ দাসে বক্তব্যত বিজেপি চৰকাৰখনে লোৱা মাতৃভাষা মাধ্যম বিৰোধী সিদ্ধান্তক তীব্ৰভাষাৰে গৰিহণা দি চৰকাখনৰ এনে কাৰ্য্যক সমালোচনা কৰে ৷

আজিৰ প্ৰতিবাদী সভাত ধেমাজি জিলা ছাত্ৰ সন্থাৰ উপদেষ্টা দিপক শৰ্মা , ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় তথ্য সম্পাদক মন্টুৰাজ বৰুৱা, জিলা ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক কৰুণ জ্যোতি চেতিয়াকে ধৰি বহুকেইগৰাকী বিষয়াববীয়াই উপস্থিত থাকে ৷