পৰম্পৰা আৰু ৰীতি, নীতিৰে জোনাইত  আলি-আয়ে লৃগাংঃ চাওঁক ইয়াৰ তাৎপৰ্য আৰু অৰ্থ...
পৰম্পৰা আৰু ৰীতি, নীতিৰে জোনাইত আলি-আয়ে লৃগাংঃ চাওঁক ইয়াৰ তাৎপৰ্য আৰু অৰ্থ... 
ধেমাজি

পৰম্পৰা আৰু ৰীতি, নীতিৰে জোনাইত আলি-আয়ে লৃগাংঃ চাওঁক ইয়াৰ তাৎপৰ্য আৰু অৰ্থ...

Asomiya Pratidin

ডিজিটেল সংবাদ জোনাইঃ ফাগুনৰ মনোৰম পৰশত ৰূপ ৰঙেৰে পৃথিৱীয়ে সলনি হ'বলৈ ধৰাৰ সময়তে আজি অসম অন্যতম জনগোষ্ঠী মিচিংসকলে কৃষিভিত্তিক জাতীয় উৎসৱ আলি-আয়ে লৃগাং মিচিং গাঁৱে গাঁৱে বৰ্ণাঢ্য কাৰ্যসূচীৰে উদ্‌যাপন কৰে। ফাগুনৰ আগমনত উৰুঙা মন, উৰুঙা পথাৰ যেন আপোন পাহৰা।

বিন্ ৰিক্ মলয়ায়ো গান গায়, প্রকৃতিয়ে শুনে আহুসাৰা হয়। নিচাময় ফাগুনৰ পৰশত শীতৰ ঠেৰেঙা লগা জাৰত লঠঙা গছজোপা এতিয়া উলাহত নাচিছে। শিমলু-কম্বং ফুলৰ ৰঙে ৰঙীয়ান কৰি তোলে পৃথিৱী।

চৰাই-চিৰিকটিৰ কলৱৰত উৎসৱমুখৰ পৰিবেশ গছে-ডালে, চৌহপাশে।ফাগুনৰ এনে মনোৰম পৰিবেশৰ মাজতে কৃষিজীৱী মিচিংসকলে অতীজৰে পৰা কৃষিভিত্তিক আলি-আয়ে লৃগাং উৎসৱ পৰম্পৰাগত যথা ৰীতি-নীতিৰ মাজেৰে পালন কৰি আহিছে।

আলি-আয়ে লৃগাঙৰ অৰ্থ হ'ল— 'আলি' মানে মূল বা আলু, ‘আয়ে' মানে ফল বা গুটি আৰু 'লৃগাং' মানে শস্যৰ বীজ বা কঠীয়া সিঁচা বা ৰোপণৰ আৰম্ভণিৰ দিন। কৃষিজীৱী মিচিংসকলে শস্য ৰোপণ বা শস্যৰ বীজ সিচাৰ বাবে ধৰিত্ৰীৰ বুকুত আৰ্চোৰ মৰাৰ কাৰ্যৰ লগে লগে ধৰিত্ৰীৰ অধিক উৰ্বৰতা শক্তি আৰু মাটিৰ বুকুত থাকি শস্য যাতে নষ্ট নহয় আৰু পোক-পৰুৱা, বনৰীয়া জীৱ-জন্তু আৰু প্ৰাকৃতিক দুর্যোগ আদিয়ে যাতে অনিষ্ট নকৰে তাৰ কাৰণে সৃষ্টিকর্তা, দঞি-পল, পূর্ব-পুৰুষ, দেৱ-দেৱী আৰু অপ-দেৱতাসকলৰ ওচৰত মিনতি জনাবলৈ পালন কৰা উৎসৱে আলি-আয়ে লৃগাং।

অসমৰ বিভিন্ন ঠাইৰ লগতে জোনাই মহকুমাৰ মিগৰ দলুং আদি বিভিন্ন গাঁৱতো আজি মিচিং ৰাইজে কৃষিভিত্তিক জাতীয় উৎসব আলি-আয়ে লৃগাং পৰম্পৰাগত ৰীতি নীতিৰ মাজেৰে পালন কৰে।

মিগৰ দলুঙৰ গাঁৱৰ ডেকা-গাভৰু, পুৰুষ-মহিলা ৰাইজে মুৰং ঘৰত সমবেত হোৱাৰ পিচত এক বর্ণাঢ্য সাংস্কৃতিক শোভাযাত্রা উলিওৱা হয়। ইয়াৰ পিচত মিচিং কৃষ্টি দলৰ দ্বাৰা আলি-আয়ে লৃগাং উদযাপন সমিতিৰ সভাপতি, মুখ্য অতিথিকে ধৰি অন্যান্য অতিথিসকলক আদৰণী জনোৱা হয়।

আলি-আয়ে লৃগাং উপলক্ষে প্ৰথমতে লৃগাঙৰ বীজ ৰোপণ কাৰ্য শুভাৰম্ভ কৰা হয়। ইয়াৰ পিছত যথা ৰীতিৰে লৃগাঙৰ মাংগলিক কাৰ্য সম্পাদন কৰা হয়। গাঁৱৰ ডেকা-গাভৰু, পুৰুষ-মহিলা ৰাইজে গুমৰাগ চ:মান কৰে। মিচিং ঐনি:তম আৰু গুমৰাগ নৃত্যৰ মুখৰিত হৈ পৰে মুৰংঘৰৰ চৌহদ।

এনেদৰে আলি-আয়ে লৃগাঙে মিচিংসকলৰ প্ৰাণ স্পন্দনত জীয়াই আছে। লৃগাঙে জাতিটোৰ স্বকীয় কৃষ্টি-সংস্কৃতিক জীয়াই ৰখাৰ লগতে প্ৰচাৰ-প্ৰসাৰ তথা বিকাশ সাধান কৰি আহিছে। আলি-আয়ে লৃগাং উদযাপন উপলক্ষে অতিথিসকলক পুৰাং, পঃৰ আপং (চাই মদ), গাহৰিৰ মাংস, শুকান মাছ আদি পৰম্পৰাগত খাদ্য সম্ভাবেৰে আপ্যায়ন কৰা হয়।