ধেমাজি

দুখন ট্ৰাকসহ ৪৬ টা গো-ধন জব্দ ধেমাজিত, আটক দুই সৰবৰাহকাৰী

Asomiya Pratidin

ডিজিটেল সংবাদ, ধেমাজি : যোৱা কালিৰে পৰা হৈ থকা প্ৰতিকূলৰ  বতৰৰ সুযোগ গ্ৰহণ কৰি এটা চোৰাং গো-ধন ব্যৱসায়ীয়ে অসম অৰুনাচলৰ সীমান্তবৰ্তী  অঞ্চল লিকাবালি পৰা ধেমাজি নগৰৰ  হৈ নগাঁও জিলালৈ নি থকা অৱস্থাতেই বুধবাৰে ৰাতি পঞ্জাৱবডী দুখন ট্ৰাক সহ মুঠ ৪৬ গো-ধন জব্দ  কৰে ধেমাজি আৰক্ষীয়ে ৷

ধেমাজি নগৰৰ মাজেৰে আহি থকা অৱস্থাত গাড়ী দুখনক প্ৰথমে  আৰক্ষীয়ে ৰখালৈ চেষ্টা কৰোতেই গাড়ীখনৰ চালক দুজনে আৰক্ষীৰ চকুত ধুলি দি পলাবলৈ চেষ্টা কৰিছিল যদিও ধেমাজি সদৰৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নেতৃত্বত যোৱা আৰক্ষী দলে খেদি খেদি ট্ৰাক দুখনৰ গো-ধন সৈতে চালক দুয়োজনকো আটক কৰে।

আৰক্ষীৰ তথ্য মতে আটক কৰা লোক দুজন  এজন নগাঁও জিলাৰ শিমলুগুৰি গাওঁৰ ছাইফুল ইছলাম  আৰু আনজন হৈছে  মৰিগাঁও জিলাৰ  মৰিয়াবাৰী গাওঁৰ ৰফিকুল ইছলাম চিনাক্তকৰিছে ।