অসম

তিনি শিশুক তালিবানী নিৰ্যাতন চলোৱা জগত পেগুক কঠোৰ শাস্তি বিহাৰ দাবী দল-সংগঠনৰ…

asomiyapratidin

ডিজিটেল ডেস্কঃ মানুহ এতিয়া অমানুহ হৈ পৰিছে। এচাম লোকৰ কৰ্মকাণ্ড দেখিলে জীৱশ্ৰেষ্ঠ বুলি দাবী কৰা মানুহ নিজেই লজ্জানত হয়। এই ঘটনা ধেমাজি জিলাৰ চিলাপথাৰৰ। এটা সামান্য কথাতেই এজন ব্যক্তিয়ে ভাবিব নোৱাৰা ধৰণে বৰ্বৰ শাস্তি দিলে তিনি শিশু ক। কেৱল শাস্তি দিয়াতে ক্ষান্ত নাথাকি শাস্তি দিয়া দৃশ্য ভাইৰেল কৰিছিল ছ'চিয়েল মিডিয়াত।

যোৱা ৯ জুন, ২০২১ত চিলাপথাৰৰ মধ্যচিচি টঙানী পঞ্চায়তৰ মেৰদেবেৰা গাঁৱত সংঘটিত হৈছিল এই কাণ্ড। গাঁওখনৰ টঙানী নদীৰ পাৰত গৰু চৰাবলৈ গৈছিল তিনিটা শিশু। গৰু চৰাই গা ধুই থকা সময়ত নাও লৈ ঘেলি থাকোতে জগত পেগু নামৰ এজন ব্যক্তিয়ে তেওঁ নদীত পাতি থোৱা জালত শিশু কেইটাই নাও লগোৱা বুলি তিনিওকে আটক কৰে।

বহু দূৰ খেদি গৈ তিনিটা শিশুক ধৰি কাইঁটৰ জোপোহা গছত বগৰাই চৰম শাস্তি প্ৰদান কৰে এই যুৱকজনে। জগত পেগুৱে চলোৱা এই অমানসিক অত্যাচাৰৰ দৃশ্য এজন যুৱকে ম'বাইল ফোনত আৱদ্ধ কৰিছিল। এই শিশু কেইটাৰ বয়স আছিল ক্ৰমে ৮ , ৯ আৰু ১১ বছৰ। ছ'চিয়েল মিডিয়াত সেই দৃশ্য ভাইৰেল হোৱাৰ পাছত জগত পেগুৰ বিৰুদ্ধে শিশু কেইটাৰ পিতৃয়ে গোচৰ ৰুজু কৰে।

চিলাপথাৰ আৰক্ষীয়েও নিজাববীয়াকৈ এই ঘটনাৰ অনুসন্ধান আৰম্ভ কৰি দেওবাৰৰ পুৱা শিশু কেইটাক ঘটনা সন্দৰ্ভত সোধ-পোছ কৰে। আৰক্ষীয়ে গোচৰ ৰুজু কৰা কথা গম পাই পলায়ন কৰে জগত পেগু। স্থানীয় দল-সংগঠনে শিশুৰ ওপৰত এনে বৰ্বৰ অত্যাচাৰ চলোৱা জগত পেগুক কঠোৰ শাস্তি বিহিবলৈ দাবী জনাইছে।