বিশিষ্ট অধিবক্তা-সুলেখক দিলীপ হাজৰিকাৰ পত্নী অধ্যাপিকা বীণা হাজৰিকা আৰু নাই…

বিশিষ্ট অধিবক্তা-সুলেখক দিলীপ হাজৰিকাৰ পত্নী অধ্যাপিকা বীণা হাজৰিকা আৰু নাই…
  • বিশিষ্ট অধিবক্তা, সুলেখক দিলীপ কুমাৰ হাজৰিকাৰ পত্নী বীণা হাজৰিকা আৰু নাই।
  • অধ্যাপিকা বীণা হাজৰিকা আক্ৰান্ত হৈছিল কোভিডত।
  • স্বামী দিলীপ হাজৰিকাও কোৰোনাত আক্ৰান্ত হৈ গেট হাস্পতালত চিকিৎসাধীন হৈ আছিল।
  • কোভিড পজিটিভ ধৰা পৰিছিল ২৮ মে', ২০২১ত ।
  • ২৯ মে', ২০২১ত তেওঁক ভৰ্তি কৰা হৈছিল মহানগৰীৰ গেট হাস্পতালত।
  • গেট হাস্পতালতে শেষ নিশ্বাস ত্যাগ কৰে বীণা হাজৰিকাই।
  • স্বামী দিলীপ হাজৰিকা কোভিডৰ পৰা সুস্থ হৈ ৬ জুনত চিকিৎসালয়ৰ পৰা ঘৰলৈ উভতিছিল।
  • অৱশ্যে পত্নী বীণা হাজৰিকা গেট হাস্পতালতে চিকিৎসাধীন হৈ আছিল।
  • ৭৯ বছৰ বয়সত দেওবাৰে দিনৰ ১ বজাত শেষ নিশ্বাস ত্যাগ কৰে তেওঁ।
  • গুৱাহাটী কলেজত অধ্যাপনা কৰিছিল বীণা হাজৰিকাই।
  • অভিনয়ৰ ক্ষেত্ৰখনৰ সৈতেও জড়িত আছিল তেওঁ।
  • মৃত্যুৰ সময়ত এগৰাকী পুত্ৰ, এটি কন্যা আৰু স্বামী দিলীপ হাজৰিকাক এৰি থৈ গৈছে।
  • কোভিডৰ বাবে তেওঁ অন্ত্যেষ্টিক্ৰিয়া ভূতনাথ শ্মশানত সম্পন্ন কৰা হ'ব।
  • বীণা হাজৰিকাৰ মৃত্যুত শোক ব্যক্ত ড০ ভূপেন হাজৰিকা ফাউণ্ডেশ্যনৰ সচিব দীপাংকৰ হাজৰিকাৰ।
  • পৰিয়াললৈ সমবেদনা জ্ঞাপনৰ লগতে বীণা হাজৰিকাৰ আত্মাৰ সদগতি কামনা।
  • গুৱাহাটী বিহু সন্মিলনী, লতাশিলৰো শোক ব্যক্ত বীণা হাজৰিকাৰ মৃত্যুত।
  • দিলীপ হাজৰিকা পত্নী বীণা হাজৰিকাসহ বাস কৰিছিল মহানগৰীৰ উজান বজাৰত।
  • কামৰূপ নাট্য সমিতিয়েও তেওঁৰ মৃত্যুত শোক ব্যক্ত কৰিছে।
  • শিল্পী সাহায্য নিধি, অসমৰ সম্পাদক মৃণাল কান্তি দাসৰো শোক ব্যক্ত।
  • স্থিতপ্ৰজ্ঞ বিশিষ্ট অভিনেতা, লিখক দিলীপ হাজৰিকাৰ পত্নীৰ মৃত্যুত জীৱনৰ অমূল্য সম্পদ হেৰুৱালো বুলি প্ৰতিক্ৰিয়া ব্যক্ত।
  • পত্নী বীণা হাজৰিকা তেওঁৰ বাবে আছিল সাহস আৰু প্ৰেৰণাৰ প্ৰতীক।
  • এনেদৰে পত্নীক বিদায় দিব লগা হোৱাত গভীৰ মানসিক কষ্ট অনুভৱ কৰিছে তেওঁ।
  • ভগৱান আৰু নিয়তিৰ এয়া বিধান বুলিয়েই শান্তনা লভিছো বুলি মন্তব্য দিলীপ হাজৰিকাৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in