অসম

ধেমাজিৰ বান পৰিস্থিতি অপৰিবৰ্তিত; খাদ্য, বাসস্থান বিছাৰি হাহাকাৰ বন্যাৰ্তৰ…

asomiyapratidin

ডিজিটেল সংবাদ, ধেমাজি: ধেমাজিৰ চকুলো জীয়াঢ়ল নদীৰ প্ৰৱল বানে ধেমাজিৰ বৰদলনি গাঁও পঞ্চায়তৰ সাপেখাটি গাঁৱত জীয়াধল নদীৰ সোঁপাৰৰ মথাউৰি দেওবাৰে ১০০ মিটাৰ চিঙি বৰ্তমানে ৬০০ মিটাৰ লৈকে চিঙা অংশ বৃদ্ধি পাইছে ৷

চিঙা অংশৰে জীয়াঢ়ল নদীৰ বাঢ়নী পানীয়ে সাপেখাটি, বগলীজান, পানীয়েমেৰানী, চুতীয়াকাৰী, ১ নং খনাকৃঞ্চপুৰ, ২ নং খনাকৃঞ্চপুৰ, ভুমা, লালুকীয়া আদি দহ খনৰো অধিক গাঁৱত নিশা জলপ্ৰলয়ৰ সৃষ্টি কৰাত উল্লেখিত গাঁও সমুহত আজিও বান পৰিস্থিতি অপৰিৱৰ্ত্তিত হৈ আছে ৷ ধেমাজিৰ চকুলো জীয়াধল নদীৰ সংহাৰী ৰূপৰ ফলত সোমবাৰে দ্বিতীয় দিনাও জিলাখনৰ অৰ্ধশতাধিক গাঁও জলমগ্ন হৈ আছে ৷

আজিও বানৰ কবলত আছে বহু লোক লোক ৷ সোমবাৰে দুপৰীয়া পৰা ধেমাজি জিলাৰ উপায়ুক্ত অসীম কুমাৰ ভট্টাচাৰ্যৰ নেতৃত্বত জিলাখনৰ সকলো বিভাগৰ মুৰব্বী সকলকলৈ জীয়াঢ়ল নদীৰ বাঢ়নী পানীয়ে কালি চিঙি নিয়া সাপেখাটি অঞ্চলত পৰিদৰ্শন কৰাৰ লগতে বানত বেয়াকৈ ক্ষতিগ্ৰস্ত সাপেখাটি, বগলীজান, পানীয়েমেৰানী, চুতীয়াকাৰী, ১ নং খনাকৃঞ্চপুৰ, ২ নং খনাকৃঞ্চপুৰ, ভুমা, লালুকীয়া আদি গাঁৱৰ বান দুৰ্গত ৰাইজৰ খা- খবৰ লয়। লগতে বান সাহায্য প্ৰদানৰ আশ্বাস প্ৰদান কৰে ৷

জানিব পৰামতে উপায়ুক্তই আশ্বাস দিয়া কেই ঘন্টামানৰ পিছতেই সন্ধিয়া সময়তে ধেমাজি ৰাজহ চক্ৰৰ বিষয়া অচ্যুত বৰুৱা নেতৃত্বত অঞ্চলটোৰ গাওঁবুঢ়া , মণ্ডলে গৈ তিনিদিনৰ বাবে চাউল, দাইল , নিমখ আৰু মিঠাতেল দিছে বুলি অঞ্চলৰ যুৱক পূৰ্ণ চুতীয়াই জনাইছে ৷ আনহাতে জীয়াধলৰ বানত বিধ্বস্ত ধেমাজি ৰাজহ চক্ৰৰ অধীনৰ দিহিৰি চাপৰি, এজাৰবাৰী, তিনিঘৰীয়া, চাংমাই দলনি,কমলপুৰ,তিনিঘৰীয়া কেকুঁৰি, দিহিৰি কছাৰী আৰু দিহিৰি লেপং গাঁৱৰ দুই শতাধিক পৰিয়ালে ঘৰবাৰী এৰি ভগনীয়াৰ দৰে হৈ পৰিছে ৷

আনহাতে বানপীড়িত একাংশই লালুকীজান ধৰ্মপুৰ এল পি স্কুল আৰু স্বৰ্ণপীঠ বিদ্যালয়ৰ আশ্ৰয় শিবিৰত আশ্ৰয় গ্ৰহণ কৰি আছে ৷ বগলীজান প্ৰাথমিক বিদ্যালয়ৰ অস্থায়ী শিবিৰত আছে বহু পৰিয়াল আৰু খনাকৃঞ্চপুৰ গাঁৱৰ ৰাজহুৱা ফিল্ডৰ অস্হায়ী শিবিৰত আছে শতাধিক পৰিয়াল ৷ ইফালে বানৰ ফলত গাঁও সমুহৰ ঘৰচীয়া জীৱজন্তুৰ বিলাই বিপত্তি নোহোৱা হৈছে ৷ ইয়াৰোপৰি পানী শুকালেও গোগামুখ ৰাজহ চক্ৰৰ অৰ্ধশতাধিক গাওঁৰ বন্যাৰ্তৰ লোকৰ মাজত অবৰ্ণনীয় পৰিস্থিতি অব্যাহত আছে ।

আনহাতে বামচেনীয়া, বেৰভঙা, বৰদৈবাম ২১,আমগুৰি, বৰদৈবাম বেঙ্গলী, বৰদৈবাম পতিতভুমি, দৰখষ্টা, বৰগুৰি, চাওতালপুৰ, চুতীয়াকাৰী, দক্ষিন নলবাৰী, গড়পৰা, ৰতুৱা, কৈৱৰ্ত্ত, বৰদৈ, লেজুৱা, গৰৈমাৰী বেৰভঙা, গৰীগাঁও, গোবিন্দপুৰ, জৰাৰী, কদমলতা, কঠালগুৰি মিৰি, মাজৰবাৰী, মিংমাং সৰিয়নী, নপাম বেৰভঙা, নাৰায়ণপুৰ, ১ নং চুতীয়াকাৰী, ২ নং চেলাজান কছাৰী, ১ নং বৈজয়ন্তীপুৰ, ১ নং বেতনীহোলা, ১ নং চেলাজান কছাৰী, ঔগুৰি, ফুলগুৰি, ৰটুৱা, ৰূপহী কুকুৰাচৰা, টাইগাৰগুৰি, ১নং আৰু ২নং খনাকৃষ্ণপুুৰ, ফুলবাৰী, বেৰভঙা, কমাৰচলা, চেলাজান , বেতনিহোলা আদি অৰ্ধশতাধিক গাঁৱত বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছিল যদিও আজি উল্লেখিত গাঁও সমুহত আজি পানী শুকাই যোৱাৰ ফলত বোকা পানীৰে এক অবৰ্ণনীয় পৰিৱেশৰ সৃষ্টি হৈ আছে ৷