অসম

ঢকুৱাখনাৰ তাকাৰচুকত জলসম্পদৰ ডেৰ কোটি টকীয়া আঁচনিৰ আধাৰশিলা স্থাপন...

Asomiya Pratidin

ডিজিটেল সংবাদ, ঢকুৱাখনা : ঢকুৱাখনা মহকুমাৰ লগতে নদীদ্বীপ মাজুলীৰ ভৌগোলিক অস্তিত্বৰ সুৰক্ষা কৱচস্বৰূপ চিচি টেকেলিফুটা মথাউৰী। ব্ৰহ্মপুত্ৰৰ ধাৰাবাহিক বান গৰাখহনীয়াই বিগত সময়চোৱাত মাজুলীৰ লগতে ঢকুৱাখনাবাসীৰ  জীৱন সম্পত্তিলৈ নমাই আহিছে চৰম ভাবুকি। 

বিগত এটা দশক ধৰি অব্যাহত থকা এনে চৰম বিপর্যয়ৰ স্থায়ী দূৰীকৰণৰ হেতু ৰাজ্য চৰকাৰৰ জলসম্পদ বিভাগে চলিত বৰ্ষত গ্ৰহণ কৰিছে খহনীয়া প্ৰতিৰোধ আঁচনিৰ । মথাউৰীটোৰ স্পৰ্শকাতৰ তাকাৰচুক অংশত খহনীয়াই লোৱা ভয়ংকৰ ৰূপ স্বচক্ষে পৰিদর্শন কৰি যোৱা বৰ্ষত শিহৰিত হৈছিল জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকা । তেতিয়াই মন্ত্ৰীগৰাকীয়ে ৰাজহুৱা প্ৰতিশ্ৰুতি দিছিল ব্ৰহ্মপুত্ৰৰ এই ভয়ানক খহনীয়াৰ স্থায়ী প্ৰতিৰোধ আঁচনি গ্ৰহণৰ । তাৰেই অংশ হিচাপে দেওবাৰে এই অংশত এক ব্যয়বহুল প্ৰতিৰোধ আঁচনিৰ শুভ উদ্বোধন কৰা হয়।

জলসম্পদ বিভাগে "মেইণ্টেনেন্স এণ্ড ৰিপেয়াৰিং" শিতানত আৱন্টন দিয়া প্ৰায় ডেৰ কোটি টকা ব্যয়ৰে পৰ্কিউপাইন সংস্থাপনৰ কামৰ ফিটা কাটি শুভাৰম্ভ কৰে ঢকুৱাখনা মহকুমাৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি তথা অতিৰিক্ত উপায়ুক্ত কাৰ্তিক কলিতাই। ঢকুৱাখনা জলসম্পদ সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা পীতাম্বৰ ডেকা বড়ো, সহকাৰী কাৰ্যবাহী অভিযন্তা কৃষ্ণ কান্ত পেগু, কনিষ্ঠ অভিযন্তা চিত্ৰ ৰঞ্জন পেগু, প্ৰকাশ শইকীয়া আদি বিভাগীয় বিষয়া কৰ্মচাৰী সকলৰ লগতে ঢকুৱাখনা জিলা বিজেপিৰ সভাপতি প্ৰদীপ চমুৱা, মণ্ডল সভাপতি সুনীল দলে, বিজয় পেগু আদি দলীয় নেতৃত্ব উপস্থিত থকা সভাত ঢকুৱাখনা মহকুমাৰ ভৌগোলিক অস্তিত্বৰ লগতে নদীদ্বীপ মাজুলীৰ আৰ্থ- সামাজিক বিকাশৰ ক্ষেত্ৰখনো জড়িত হৈ থকা এই খহনীয়াগ্ৰস্ত মথাউৰীটোৰ খহনীয়া প্ৰতিৰোধৰ বাবে আবন্টিত এই চৰকাৰী পুঁজিৰ সঠিক আৰু সদব্যৱহাৰত ৰাইজৰ সতৰ্ক দৃষ্টি আৰু তীক্ষ্ণ নজৰ মহকুমাধিপতি কলিতাই কামনা কৰে ।

চমু বক্তব্যত মহকুমাধিপতি গৰাকীয়ে কৰ্মমুখী আৰু স্বাৱলম্বী হোৱাৰ বাবে প্ৰতিগৰাকী নাগৰিকক চৰকাৰী আঁচনিৰে উপকৃত হোৱাৰ আহ্বান জনায়। উল্লেখ্য যে যোৱা বর্ষৰ বাৰিষা কালত এই অংশত সৃষ্টি হোৱা ভয়ংকৰ খহনীয়া ৰোধিবলৈ জৰুৰীকালীনভাৱে শ‍াখা ৫০ আৰু ৩০ ৰ অধীনত প্ৰায় ডেৰ কোটি টকা ব্যয়ৰে প্ৰতিৰোধ আঁচনি ৰূপায়ন কৰি জলসম্পদ বিভাগে শিহৰণকাৰী খহনীয়া প্ৰতিৰোধ কৰিবলৈ সক্ষম হৈছিল। পৰৱৰ্তী সময়ত এইখিনি স্পৰ্শকাতৰ এলেকাৰ লগতে মথাউৰীতো স্থায়ীভাৱে সুৰক্ষিত  কৰিবলৈ জলসম্পদ বিভাগে এই অভিলাসী আঁচনি গ্ৰহণ কৰি দেওবাৰে কামৰ শুভাৰম্ভ কৰিছে।