অসম

কাৰ্তিক কলিতা ঢকুৱাখনাৰ মহকুমাধিপতি নিযুক্তি

Asomiya Pratidin

ডিজিটেল সংবাদ, ঢকুৱাখনা: ঢকুৱাখনা মহকুমাৰ নতুন মহকুমাধিপতি হিচাপে ৰাজ্য চৰকাৰে নিযুক্তি দিছে অসম অসামৰিক সেৱাৰ বিষয়া কাৰ্তিক কলিতাক। ৰাজ্য চৰকাৰৰ এ এ এ,৬/২০২২/৪০-এ এছ নম্বৰৰ এক নিৰ্দেশনা যোগে মাজুলী জিলাৰ অতিৰিক্ত উপায়ুক্ত হিচাপে কৰ্মৰত প্ৰশাসনিক বিষয়া কলিতাক ঢকুৱাখনা মহকুমাৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি হিচাপে নিযুক্তি দিছে।

পূৰ্বে ঢকুৱাখনা মহকুমা প্ৰশাসনত সহকাৰী আয়ুক্ত হিচাবে প্ৰশাসনিক সেৱা আগবঢ়াই যোৱা কলিতাক মহকুমাধিপতি পদত নিযুক্তি দিয়াত সন্তুষ্টি প্ৰকাশ কৰিছে মহকুমাটোৰ নাগৰিকে। পূৰ্বৰ পক্ষপাতী প্ৰশাসনিক সেৱাৰ মলিনতা আঁতৰাই নৱনিযুক্ত মহকুমাধিপতি কলিতাই মহকুমাটোক নতুন গতিশীলতা আনিবলৈ সক্ষম হ'ব বুলি মহকুমাৰবাসীয়ে আশা প্ৰকাশ কৰিছে ।