dhakuakhana
dhakuakhana 
অসম

ঢকুৱাখনাৰ প্ৰাক্তন ছাত্ৰ নেতা পুলিন বড়াৰ মৃত্যু...

Asomiya Pratidin

ডিজিটেল সংবাদ, ঢকুৱাখনা : সদৌ অসম ছাত্ৰ সন্থাৰ ঢকুৱাখনা মহকুমাৰ পশ্চিম মাছখোৱা আঞ্চলিকৰ প্ৰাক্তন সভাপতি, সদৌ অসম চুতীয়া জাতি সন্মিলনৰ হাৰ্হি আঞ্চলিকৰ সম্পাদক পুলিন বড়াৰ বৃহস্পতিবাৰে আকস্মিক বিয়োগ ঘটে। সৰবৰহি যুৱক গৰাকী যোৱা ২ ডিচেম্বৰত এক পথ দুৰ্ঘটনাত পতিত হৈছিল। 

পৰৱৰ্তী সময়ত ডিব্ৰুগড়ৰ আদিত্য নাৰ্চিং হোমত চিকিৎসাধীন হৈ থকা অৱস্থাত বৃহস্পতিবাৰে সন্ধিয়া প্ৰায় ৭ বজাত শেষ নিশ্বাস ত্যাগ কৰে। ঢকুৱাখনা আৰক্ষী থানাৰ অন্তৰ্গত গোবিন্দপুৰ আমগুৰি গাঁৱৰ প্ৰয়াত গুণাৰাম বড়া আৰু ৰূপা বড়াৰ পুত্ৰ পুলিন বড়াৰ আকস্মিক বিয়োগত সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পৰিছে।

লখিমপুৰ জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক স্বৰাজ শঙ্কৰ গগৈ, পশ্চিম মাছখোৱা আঞ্চলিক ছাত্ৰ সন্থা, ঢকুৱাখনা মহকুমা ছাত্ৰ সন্থাই প্ৰাক্তন ছাত্ৰ নেতা গৰাকীৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰি বিদেহ আত্মাৰ চিৰ শান্তি কামনা কৰিছে।