অসম

ঘৰত কোনো নথকাৰ সুযোগ লৈ নাবালিকাক যৌন নিৰ্যাতন বিজয়ৰ...

Asomiya Pratidin

ডিজিটেল সংবাদ, ঢকুৱাখনা: এগৰাকী নিষ্পাপ নাবালিকাৰ ওপৰত যৌন নিৰ্যাতন চলাই ৰঙা ঘৰৰ আলহী হ'ব লগা হ'ল ঘিলামৰাৰ এজন বিবাহিত লম্পট। ঘিলামৰা আৰক্ষী থানাৰ অন্তৰ্গত মিলন নগৰৰ বাসিন্দা এই লম্পটতোৰ  নাম বিজয় ভঁৰালী । পেছাত এখন ক্ষুদ্ৰ দোকানৰ স্বতাধিকাৰী বিবাহিত লম্পট চৰিত্ৰৰ বিজয়ে দেওবাৰে বিয়লি  নিজৰেই আতৈৰ নাবালিকা কন্যাক চলালে যৌন নিৰ্যাতন ।

ঘটনাৰ বিবৰণি অনুসৰি দেওবাৰে বিয়লি বিজয় সমীপৰ  এগৰাকী বন্ধুৰ ঘৰলৈ গৈছিল। কিশোৰী গৰাকীক ঘৰত অকলে দেখি অসৎ কমনা জাগি উঠে বিজয়ৰ । বৃত্তিত কাঠ মিস্ত্ৰী কৰি জীৱন নিৰ্বাহ কৰা নিজ বন্ধুৰ লগতে বন্ধু পত্নী আৰু নুমলীয়া কন্যাৰ অনুপষ্ঠিতিৰ সুবৰ্ণ সুযোগ গ্ৰহণ কৰি  পাষণ্ড বিজয়ে প্ৰথমে আনি লয় এটা বিলাতী সুৰাৰ বটল ।

আকন্ঠ মদ্যপান কৰি পৰৱৰ্তী সময়ত বিজয়ে হঠাৎ ঠাণ্ডা লগা বুলি কৈ বিচনালৈ যায়। তেনে সময়তে ওচৰতে কাম কৰি থকা কন্যা সম  কিশোৰী গৰাকীক হাতত ধৰি টানি আনি যৌন নিৰ্যাতন চলায় ।

নিজৰেই পিতৃ সম তাৱৈয়েকৰ  কামনাৰ বলি হোৱা কিশোৰী গৰাকীয়ে স্তম্ভিত হৈ  চিঞৰাত ওচৰৰ  আত্মীয়ই  আহি কিশোৰী গৰাকীক উদ্ধাৰ কৰি ঘটনাটো  বালিয়নি গাঁওৰক্ষী বাহিনীক অৱগত কৰে । গাঁওৰক্ষী  বাহিনীয়ে বৰ্বৰ প্ৰকৃতিৰ ব্যক্তি বিজয়ক ধৰি ঘিলামৰা থানাত গতাই দিয়ে । ঘিলামৰা থানাত এই সন্দৰ্ভত এক গোচৰ ৰুজু হৈছে আৰু ধৃত লম্পটতো ঘিলামৰা আৰক্ষীয়ে জিম্মাত লৈছে ।

ঘিলামৰাবাসী আৰু নিৰ্যাতিতা কিশোৰী গৰাকীৰ আত্মীয়ই পাষণ্ড বিজয়ৰ কঠোৰ শাস্তি দাবী জনাইছে।