অসম

ঢকুৱাখনা চৰকাৰী মজলীয়া বিদ্যালয়ৰ ডেৰশ বছৰীয়া জয়ন্তীৰ মূল তোৰণৰ শিলান্যাস

Asomiya Pratidin

ডিজিটেল সংবাদ,ঢকুৱাখনা: ঢকুৱাখনাৰ শৈক্ষিক ক্ষেত্ৰ খনৰ বাটকটীয়া শিক্ষানুষ্ঠান, সুদীর্ঘ ডেৰশ বছৰীয়া স্বৰ্ণিল ইতিহাসেৰে  সমৃদ্ধ ঢকুৱাখনা চৰকাৰী মজলীয়া বিদ্যালয়ৰ ডেৰশ বছৰীয়া মহোৎসৱ উদযাপনৰ ব্যাপক প্ৰস্তুতি চলিছে । ইতিমধ্যে বিদ্যালয়খনৰ সোণহেৰীয়া স্মৃতিৰ সশ্ৰদ্ধ স্মৰণৰ লক্ষ্যৰে শিক্ষা মন্ত্ৰী ডাঃ ৰনোজ পেগুক সভাপতি , সেৱক চুতীয়াক কাৰ্যকৰী সভাপতি , প্ৰধান শিক্ষয়িত্ৰী পদ্মৱতী কোঁচক সম্পাদক হিচাপে লৈ গঠিত উদযাপন সমিতিয়ে ব্যাপক তৎপৰতা অব্যাহত ৰাখিছে।

অহা ২০২৩বর্ষৰ অক্টোবৰ মাহত অনুষ্ঠিত হব লগীয়া এই স্বৰ্ণ উজ্জ্বল মহোৎসৱৰ অহা ৩০ ডিচেম্বৰত প্ৰায় বৰ্ষ জোৰা কাৰ্যসূচীৰ শুভাৰম্ভনী উপলক্ষত বিদ্যালয়খনলৈ উৎসৰ্গিত এখন তোৰণৰ দেওবাৰে শিলান্যাস কৰা হয় মংগল ধ্বনিৰ মাজত। দেওবাৰে পুৱা বেলা বিদ্যালয়খনৰ অৱসৰ প্ৰাপ্ত শিক্ষয়িত্ৰী প্ৰয়াত স্বৰ্ণ কলিতাৰ সোঁৱৰণত পৰিয়াল বৰ্গই  আগবঢ়োৱা অৰ্থ সাহায্যৰে নিৰ্মিত হ'ব লগীয়া জয়ন্তীৰ মূল স্মাৰক স্থায়ী তোৰণৰ আধাৰশিলা স্থাপন কৰে বিধায়ক নৱ কুমাৰ দলেয়ে।

ঢকুৱাখনাৰ মহকুমাধিপতি অৰিন্দম বৰুৱা, বিদ্যালয় পৰিচালনা সমিতি আৰু উদযাপন সমিতিৰ গৰিষ্ঠ সংখ্যক বিষয় ববীয়া , বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী,

অভিভাৱক ,জ্যেষ্ঠ নাগৰিক, প্ৰাক্তন ছাত্ৰ  আৰু শিক্ষাব্রতী ৰাইজ উপস্থিত থকা অনুষ্ঠানত গায়ন বায়ন ,উৰুলিৰ মাজত শিলান্যাস অনুষ্ঠান সম্পন্ন কৰি বিধায়ক দলেয়ে ১৮৭২ চনতে স্থাপিত এইখন ঢকুৱাখনাৰ শৈক্ষিক ইতিহাস সমৃদ্ধকাৰী চৰকাৰী বিদ্যালয়ৰ এই ডেৰশ বছৰীয়া জয়ন্তী সফল উদযাপনৰ হেতু বিধায়ক গৰাকীয়ে প্ৰয়োজনীয় সকলো সহায় সহযোগিতা আগবঢ়োৱাৰ নিশ্চয়তা প্রদান কৰে ।

আৰু পঢ়ক: মানসিকভাৱে বিকাৰগ্ৰস্ত যুৱকক হানি খুচি হত্যা...