dhakuakhana
dhakuakhana 
অসম

৩০৪ কোটি টকা আৱন্টনেৰে নিৰ্মাণ কৰা হ'ব ঢকুৱাখনা-ঘূণাসুঁতি পথৰ পকী দলং...

Asomiya Pratidin

ডিজিটেল সংবাদ, ঢকুৱাখনা : ঢকুৱাখনাবাসী ৰাইজৰ দীৰ্ঘ দিনীয়া অভাৱ আৰু সমস্যা এটাৰ সমাধানৰ পথ অৱশেষত প্ৰশস্ত হ'ল। সুদীর্ঘ কাল প্ৰতীক্ষাৰ অন্তত ৰাজ্য চৰকাৰে ঢকুৱাখনা-ঘূণাসুঁতি গড়কাপ্তানী পথটো দ্বৈত পথ হিচাবে নিৰ্মাণৰ বাবে যাবতীয় পুঁজি আৱন্তন কৰি উক্ত পথৰ ঘাগৰ নদীৰ ওপৰত নিৰ্মাণ হ'ব লগা পকী দলঙৰ ভূমি পূজনেৰে আধাৰশিলা স্থাপনৰ সময় নিৰ্ধাৰিত হ'ল।

মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে এই শুভ কাৰ্যৰ বাবে দিন নিৰ্ধাৰণ কৰাৰ পৰৱৰ্তী সময়ত  শুকুৰবাৰে ঘূণাসুঁতি অঞ্চলৰ বাঘমৰা আঞ্চলিক ৰংগ মঞ্চত অনুষ্ঠিত হয় এক ৰাজহুৱা সভা।

মিচিং স্বায়ত্ব শাসিত পৰিষদৰ সাধাৰণ সদস্য বিজু পেগুৰ সভাপতিত্বত অনুষ্ঠিত উক্ত ৰাজহুৱা সভাত ৰাজ্য চৰকাৰৰ কৃষি মন্ত্ৰী তথা লখিমপুৰ জিলাৰ অভিভানক মন্ত্ৰী অতুল বৰা, লখিমপুৰ বিধানসভা সমষ্টিৰ বিধায়ক মানৱ ডেকা, ঢকুৱাখনাৰ বিধায়ক নৱ কুমাৰ দলে, লখিমপুৰ জিলাৰ উপায়ুক্ত শোণিত সত্বাৱন, আৰক্ষী অধীক্ষক ডঃ বেদান্ত মাধৱ ৰাজখোৱা, ঢকুৱাখনা মহকুমাৰ মহকুমাধিপতি অৰিন্দম বৰুৱা, মিচিং জাতিয় সংগঠনৰ কেন্দ্ৰীয় বিষয় ববীয়া ইন্দ্ৰ কুমাৰ চুংক্ৰাং ক্ষীৰোদ পেগু, ঢকুৱাখনা জিলা নেতা বৃগেন দলে ,ভূপেন দলে, দ্বীপেন দলে,  দিপাঞ্জল দলে আদি উপস্থিত থাকে।

জনাকীৰ্ণ ৰাজহুৱা সভাত অহা ১৮ ডিচেম্বৰৰ আধাৰশিলা স্থাপন অনুষ্ঠান সৰ্বতো প্ৰকাৰে সাফল্য মণ্ডিত কৰাৰ বাবে প্ৰয়োজনীয় সকলো দিশ সামৰি বিস্তৃত আলোচনা কৰা হয় আৰু ঢকুৱাখনা আৰু লখিমপুৰ বিধানসভা সমষ্টিবাসীৰ উপস্থিতি আৰু সহযোগিতা আন্তৰিকতাৰে কামনা কৰা হয়।

উল্লেখযোগ্য যে ঢকুৱাখনা মহকুমা সদৰৰ পৰা লখিমপুৰ জিলা সদৰৰ সৈতে সংযুক্ত মাত্ৰ ৩৫ কিলোমিটাৰ দৈর্ঘৰ এই জৰাজীৰ্ণ আৰু বিপদ সংকুল পথটোৰ "অসম মালা " আঁচনিৰ অধীনত নিৰ্মান কৰাৰ লগতে পথটোৰ ওপৰত সোঁৱনশিৰি  আৰু ঘাগৰ নদীৰ ওপৰত দুখন পকী দলং নিৰ্মাণ কৰাৰ বাবে ৰাজ্য চৰকাৰে ঘোষণা কৰিছে ৩০৪ কোটি টকা। আৱন্টিত এই পুঁজিৰে অহা ১৮ ডিচেম্বৰত এই দলং নিৰ্মাণৰ কাম মুখ্যমন্ত্ৰীৰ জৰিয়তে শুভাৰম্ভ কৰা হ'ব।