অসম

ঘিলামৰাবাসীৰ ফাটবিহু বর্জনৰ সিদ্ধান্ত

Asomiya Pratidin

ডিজিটেল সংবাদ, ঢকুৱাখনা: অসম আৰু অসমীয়াৰ জাতিয় লোক উৎসৱলৈ ৰূপান্তৰ ঘটা ঢকুৱাখনাবাসীৰ স্বাভিমানৰ জীৱন্ত প্ৰতীক মহঘুলি চাপৰিৰ ফাটবিহু । ঐক্য সম্প্ৰীতি আৰু ভাতৃত্ববোধৰ জয়গানেৰে ভিন্ন জাতি-জনগোষ্ঠীৰ স্বকীয় লোক কৃষ্টিৰ নিভাঁজ উপস্থাপনৰ থলী এই ফাটবিহুৰ ইতিহাস কলংকৃত হোৱা ঘটনাৰ ৰাজহুৱা প্ৰতিক্ৰিয়া ঢৌ আজিও মাৰ যোৱা পৰিলক্ষিত হোৱা নাই।

২০২৩ বর্ষৰ ফাটবিহুৰ দ্বিতীয় দিনাৰ নিশা বিহু মঞ্চৰ মজিয়া কলুষিত কৰি বৰদৈচিলা নামৰ এটা লোক শিল্পীৰ দলৰ ওপৰত চলোৱা নিৰ্মম আৰু পাশবিক দলবব্ধ আক্ৰমণৰ বাবে জাতিয় উৎসৱটো বদনামী হোৱাৰ পাছতো অদ্যপি কোনো আনুষ্ঠানিক প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই ফাটবিহু সমিতিয়ে ।

ৰাজ্যখনৰ বিভিন্ন ঠাইত লোক কৃষ্টি প্রতিযোগিতাত অংশলৈ শ্ৰেষ্ঠত্বৰ মেটমৰা সম্ভাৰ কঢ়িয়াবলৈ সক্ষম হৈছে ঘিলামৰাৰ বৰদৈচিলা বিহু দলে। এই দলটোৰ ওপৰত উক্তদিনা ফাটবিহু সমিতিৰ সম্পাদক ,উদযাপন সমিতিৰ  সভাপতি আৰু একাংশ উন্মত্ত অসহিষ্ণু বিষয়-ববীয়া আৰু কৰ্মকর্তাই চলোৱা নিৰ্যাতনৰ পাছত মঙলবাৰে ঘিলামৰাত এই স্পৰ্শকাতৰ বিষয় সন্দৰ্ভত অনুষ্ঠিত হয় এখন ৰাজহুৱা প্ৰতিবাদী সভা ।

ঘিলামৰা উন্নয়ন সমিতিৰ সভাপতি তথা বিশিষ্ট নাগৰিক অকণ গোহাঁইৰ সভাপতিত্বত ঘিলামৰা কৃষ্টি ভৱন প্ৰাংগণ চৌহদত অনুষ্ঠিত এই ৰাজহুৱা সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে উন্নয়ন সমিতিৰ সম্পাদক গুণ হাজৰিকাই । বৃহত্তৰ ঘিলামৰাৰ শতাধিক সামাজিক ব্যক্তি ,১৮ টা সংগঠনৰ প্ৰতিনিধি আৰু লাঞ্চিত বিহুদলটোৰ ভুক্তভোগী সদস্য সকল উপস্থিত থাকে এই সভাত । উপস্থিত ৰাইজে ফাটবিহুৰ দৰে এটা বৃহৎ অনুষ্ঠানৰ একাংশ শীর্ষ দায়িত্ববাহী বিষয়ববীয়া আৰু কৰ্মকৰ্তাই উন্মত্ত ৰূপ ধাৰণ কৰি সংঘটিত কৰা বৰ্বৰ আচৰণৰ একেমুখে গৰিহণা আৰু ধিক্কাৰ দিয়ে ।

লোক সংস্কৃতিৰ বৰ ঘৰতে লোক সংস্কৃতি চৰ্চাকাৰী দলৰ ওপৰত চলোৱা নিৰ্মম শাৰীৰিক আক্ৰমণত জড়িত দুস্কৃতিকাৰী বিষয়-ববীয়া আৰু কৰ্মকর্তা সকলক দৃষ্টান্তমূলক শাস্তি দিয়াৰ দাবীৰে অনুষ্ঠিত ৰাজহুৱা  সভাত  বহুকেইটা বিহু সংগঠন  ,মহিলা সংগঠন, ছাত্ৰ সংগঠন , সামাজিক সংগঠনৰ লগতে সাংস্কৃতিক কৰ্মী সকল উপস্থিত থাকি নিজ নিজ বক্তব্য আগবঢ়ায় । ৰাইজৰ দাবীৰ পৰিপ্ৰেক্ষিতত  ঘিলামৰা উন্নয়ন সমিতিৰ উদ্যোগত অনুষ্ঠিত সভাত বিশিষ্ট ব্যক্তি  যোগানন্দ গগৈ , লেখন  ফুকন ,দণ্ডী গোঁহাই , উমেশ বৰা ,ব্রজেন বৰুৱা ,হিৰণ্য হাজৰিকা ,গুণ হাজৰিকা , শৈলেন দত্ত, সুৰেন চাংমাই , দেৱজিৎ গোঁহাই, মাণিক চুতীয়া , বুল মণি গগৈকে প্ৰমুখ্য কৰি বিভিন্নজনে ফাটবিহুৰ দৰে এটা সাৰ্বজনীন অনুষ্ঠানৰ মূল মজিয়াত বিহুদল এটাক কৰা শাৰীৰিক নিৰ্যাতন আৰু দুৰ্ব্যৱহাৰৰ মুকলি সমালোচনা কৰি বক্তব্য ৰাখে।  সভাত বৰদৈচিলা বিহুদলৰ ভুক্তভোগী বিহুৱা সকলেও বক্তব্য ৰাখি ঘটনাৰ সন্দৰ্ভত বিশদ বক্তব্য আগবঢ়ায়।

সভাত ফাটবিহুৰ একাংশ অবিবেচকী বিষয়ববীয়াৰ এনে উদ্ভণ্ডালি আৰু দৌৰাত্ম্যৰ বিৰুদ্ধে সোচ্চাৰ হৈ ইতিমধ্যে ঢকুৱাখনা সদৰ থানাত এই সন্দৰ্ভত দাখিল কৰা গোচৰৰ উচিত তদন্ত কৰি দোষীক উপযুক্ত শাস্তি বিহাৰ অন্যথাই ঘিলামৰাবাসীয়ে ঢকুৱাখনাৰ ফাটবিহুৰ লগতে যিকোনো সামাজিক অনুষ্ঠান বৰ্জন কৰি সহযোগিতা নকৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰা হয় ।

তাৰোপৰি সভাত ফাটবিহুৰ এই চাম উন্মত্ত কৰ্মকর্তা আৰু বিষয় ববীয়াই বিহু দলৰ প্ৰতি কৰা চূড়ান্ত অপমানসূচক ব্যৱহাৰ আৰু শাৰীৰিক প্ৰহাৰৰ ঘটনাৰ একেমুখে ধিক্কাৰ দি প্ৰস্তাৱ গ্ৰহণ কৰা হয় । সভাত  এনেবোৰ কৰ্মকর্তাৰ মাতলামী আৰু উন্নাসিক আচৰণৰ তীব্ৰ প্ৰতিবাদ জনাই তৎকালে  ঘিলামৰাবাসী ৰাইজ আৰু সংগঠন একত্ৰিত হৈ ৰাজহুৱা প্ৰতিবাদ সাব্যস্ত কৰাৰো সৰ্বসন্মত প্ৰস্তাৱ গ্ৰহণ কৰা হয়।