অসম

ঢকুৱাখনাৰ ইতিহাস সমৃদ্ধ ৪৭ বছৰীয়া কাঁহ শিল্পই গনিছে মৃত্যুৰ ক্ষণ…

asomiyapratidin

ঢকুৱাখনাৰ ইতিহাস সমৃদ্ধ ৪৭ বছৰীয়া কাঁহ শিল্পই গনিছে মৃত্যুৰ ক্ষণ

ডিজিটেল সংবাদ,ঢকুৱাখনা : লোক শিল্প সংস্কৃতিৰ উৰ্বৰ থলী স্বৰূপ ঢকুৱাখনা মহকুমাৰ স্বাভিমানী ইতিহাসৰ সতে সম্পৃক্ত এক শিল্প হল কাঁহ শিল্প। অসমীয়া সভ্যতা আৰু সংস্কৃতিৰ সৈতে অংগাংগী ভাবে জড়িত হৈ থকা এই কাঁহ শিল্পই ঢকুৱাখনাত ৭০ দশকতে আত্মপ্ৰকাশ কৰি নিৰবিছিন্ন ভাৱে সুকীয়া অৰ্থনৈতিক বিপ্লৱৰ সূচনা কৰি আত্মনির্ভৰশীলতাৰ সমুজ্জ্বল দৃষ্টান্ত দাঙি ধৰি আহিছিল। কিন্তু সাম্প্ৰতিক জটিল পৰিবেশ। পৰিস্থিতিৰ কৰাল গ্ৰাসত নিমৰ্জিত হৈ ঢকুৱাখনাৰ এই কাঁহ শিল্পই এতিয়া গনিছে অকাল মৃত্যুৰ ক্ষণ। ঢকুৱাখনা মহকুমা সদৰত ১৯৭৬ চনত বৰপেটা জিলাৰ কেইগৰাকী মান থলুৱা কাঁহ শিল্পীয়ে আহি পাতনি মেলিছিল কাঁহৰ বাচন বর্তন আৰু অসমীয়া জাতীয় জীৱনৰে সম্পৃক্ত কাঁহৰ ঘৰুৱা আচবাব নিৰ্মান শিল্পৰ।

ঢকুৱাখনা নগৰৰ পৰা নিভাঁজ আৰু নিখুঁত কাঁহৰ উৎপাদিত বিভিন্ন ঘৰুৱা বাচন বর্তনকে ধৰি কাঁহেৰে নিৰ্মিত সকলো সামগ্ৰীৰ এখন পৃথক বজাৰ দখল কৰি আহিছিল সৰ্ব পৰিচিত এই কঁহাৰ শালে। উত্তৰ আৰু উজনি অসমৰ গ্ৰাহক সকলৰ চাহিদাৰ অনুপাতে সামগ্ৰী নিভাঁজ ভাবে প্রস্তুত কৰি বিক্ৰীৰ জৰিয়তে আর্থিকভাৱে স্বাৱলম্বী হোৱাৰ সমান্তৰালকৈ কাঁহ শিল্পৰ বাবে এক সুকীয়া পৰিচয় গঢ়ি উঠিছিল ঢকুৱাখনাক পৰিচিত কৰি দিছিল ।সম্প্ৰতি অতিমাৰী কোৰোনা কেন্দ্ৰীক জটিল পৰিস্থিতিৰ বাবে ঢকুৱাখনাৰ ঐতিহ্যপূৰ্ণ এই কাঁহ শিল্পলৈ নামি আহিছে দুৰ্বিসহ ভৱিষ্যত।

আজি ঢকুৱাখনা নগৰৰ ঐতিহাসিক ফাট বিহু বাকৰিৰ সন্মুখত অৱস্থিত এই কাঁহ শিল্পটোৰ প্ৰধান খনিকৰ স্বৰূপ ৰণীধৰ কাকতিয়ে অতি ক্ষোভ আৰু দুখেৰে জনোৱা মতে যোৱা দুটা বছৰ লকডাউন সৃষ্ট জটিল পৰিস্থিতিৰ বাবে অবৰ্ণনীয় লোকচান আৰু কৰ্ম বিমুখ অৱস্থাৰ সন্মুখীন হৈছে শিল্পটোৰ কাৰিকৰ সকল। শিল্পটোৰ সৈতে জড়িত বিনোদ কাকতি, প্ৰাঞ্জল কাকতি, যোগেশ পাটোৱাৰী , ৰঞ্জিত বৰ্মন আদিকে ধৰি বহু কেইজন কাঁহ শিল্পী। ১৯৭৬ চনৰে পৰা নিৰবিছিন্ন ভাবে এই উৎপাদনী শিল্পৰ সতে জড়িত হৈ প্রতি বছৰে অৰ্জন ৩ ৰ পৰা ৪ লাখ টকাৰ লাভাংশৰ মুখ দেখি অহা এই কাঁহ শিল্পৰ খতিখোৱা খনিকৰ সকল এতিয়া দুবেলা দুসাঁজৰ বাবে হাঁহাকাৰ কৰিব লগা মৰ্মান্তিক অৱস্থাৰ উদ্ভৱ হৈছে।

আংশিক লক ডাউন কিম্বা সান্ধ্য আইনৰ বাবে নিয়মীয়া গ্ৰাহকৰ লগতে গ্ৰাহকৰ বিয়া সবাহৰ অৰ্ডাৰৰ পৰাও বঞ্চিত হৈ পৰা এইসকল শ্ৰমজীৱী কঁহাৰে এতিয়া ভুগিছে অন্ন বস্ত্ৰৰ সমস্যাত। কোনো ধৰণৰ চৰকাৰী আঁচনিয়ে স্পৰ্শ নকৰা এই শিল্পৰ বিগত দুটা বৰ্ষৰ সীমাহীন লোকচানৰ পৰিপ্ৰেক্ষিতত কাঁহৰ সামগ্ৰী প্ৰস্তুতৰ বাবে প্ৰয়োজনীয় কেঁচা সামগ্ৰী কয়লা ,ভঙা কাঁহ , পিতল আদি ক্ৰয়ৰ বাবেও মূলধনৰ অভাৱ হৈছে এইসকল লোকৰ। সকল কঠোৰ শ্ৰমজীৱী কঁহাৰক দুৰ্বিসহ জীৱন যাত্ৰাৰ পৰা পুনৰুদ্ধাৰৰ প্ৰতি ৰাজ্য চৰকাৰৰ এককালীন সাহায্য আঁচনিৰ অভাৱে থলুৱা শিল্পটোলৈ নমাই আনিছে অনিশ্চিত ভৱিষ্যত।

ঢকুৱাখনা কঁহা শালৰ প্ৰধান কঁহাৰ স্বৰূপ ৰণীধৰ কাকতিয়ে জনোৱামতে ৫ শতাংশ সুদৰ বিনিময়ত ধাৰে লোৱা পুঁজিৰে কাঁহ শিল্পটো ঢকুৱাখনাত জীয়াই ৰখাৰ অন্তিম প্ৰয়াস চলোৱা হৈছে ইতিমধ্যে ৪গৰাকী সহযোগী কঁহাৰ নিজ ঘৰলৈ শাল এৰি ঢাপলি মেলা বুলি দুখেৰে জানিবলৈ দি এনে পৰিস্থিতি অব্যাহত থাকিলে ঢকুৱাখনাৰ ইতিহাসৰ সৈতে প্ৰায় অৰ্ধ শতিকা জোৰা শৈল্পিক সম্পৰ্ক যুক্ত এই কাঁহ শিল্প চিৰদিনৰ বাবে নিশ্চিহ্ন হোৱাৰেই ইংগিত দিলে কাকতিয়ে। অসমীয়া সভ্যতা আৰু সংস্কৃতিৰ সৈতে সংপৃক্ত এনে থলুৱা শিল্প সমূহক উজ্জীৱিত কৰাৰ বাবে ৰাজ্য চৰকাৰে তাৎক্ষণিক কাৰ্য্যব্যৱস্থা গ্ৰহণ নকৰিলে ঢকুৱাখনাৰ দৰে ৰাজ্যখনৰ অন্যান্য স্থানত অৱস্থিত ক্ষুদ্ৰ ক্ষুদ্ৰ শিল্প সমূহো কালৰ গৰ্ভত লীন যোৱাটো নিশ্চত হৈ পৰিছে