জ্বৰ্, বুকু বিষত আক্ৰান্ত ছিদ্দিক আহমেদক শিলচৰৰ চিকিৎসালয়ত ভৰ্তি

জ্বৰ্, বুকু বিষত আক্ৰান্ত ছিদ্দিক আহমেদক শিলচৰৰ চিকিৎসালয়ত ভৰ্তি

জ্বৰ্, বুকু বিষত আক্ৰান্ত ছিদ্দিক আহমেদ শিলচৰত চিকিৎসালয়ত ভৰ্তি

ডিজিটেল ডেস্কঃ পুনৰ অসুস্থ হৈছে ৰাজ্যৰ আন এগৰাকী জনপ্ৰতিনিধি। স্বাস্থ্য অধিক অৱনতি ঘটাত চিকিৎসাধীন হৈছে দক্ষিণ কৰিমগঞ্জৰ বিধায়ক ছিদ্দিক আহমেদ।শ্বাস-প্ৰশ্বাসত অসুবিধা পোৱাৰ বাবে বিধায়কগৰাকীক চিকিৎসাধীন কৰা হৈছে বুলি জানিব পৰা গৈছে।

আহমেদৰ দেহত জ্বৰ, কাহৰ লগতে তেওঁৰ বুকুৰ বিষ আছে বুলি চিকিৎসকে জানিবলৈ দিছে। বৰ্তমান তেওঁ শিলচৰত গ্ৰীণ হিলছ হাস্পিতালত চিকিৎসাধীন হৈ আছে।ৰেপিড এণ্টিজেন টেষ্টত তেওঁক ক'ভিড নিগেটিভ পোৱা গৈছে যদিও চিকিৎসকে তেওঁক আৰ টি পি চি আৰ টেষ্ট কৰাৰ পৰামৰ্শ দিছে।

উল্লেখযোগ্য যে, ২০০১ চনৰ পৰা ২০১৬ চনলৈকে দক্ষিণ কৰিমগঞ্জ সমষ্টিৰ পৰা জয়ী হৈ অহা ছিদ্দিক আহমেদ তৰুণ গগৈ মন্ত্ৰী সভাৰ কেবিনেট মন্ত্ৰীও আছিল। ২০১৬ চনৰ নিৰ্বাচনত তেওঁ পৰাজিত হৈছিল যদিও শেহতীয়াকৈ অনুষ্ঠিত ২০২১ চনৰ নিৰ্বাচনত কংগ্ৰেছ প্ৰাৰ্থীৰূপে জয়লাভ কৰিছে।

জনপ্ৰতিনিধি গৰাকীৰ স্বাস্থ্যৰ সন্দৰ্ভত চিকিৎসকে তীক্ষ্ণ নজৰ ৰাখিছে আৰু তেওঁৰ অনুৰাগীসকলে আহমেদৰ আশু আৰোগ্য কামনা কৰিছে।  

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in