অসম

অগ্নিকাণ্ডত জাহ গ'ল বাসগৃহ, কেইবা লাখ টকাৰ চাহ গছৰ পুলি...

Asomiya Pratidin

ডিজিটেল ডেস্ক : ৰাজ্যত পৰিলক্ষিত ইটোৰ পাছত সিটো ভয়ংকৰ অগ্নিকাণ্ড। পুনৰ এক ভয়ংকৰ  অগ্নিকাণ্ড সংঘটিত হ'ল মেৰাপানীৰ ১নং লক্ষীপুৰৰ ঘিলাধাৰী বৰুৱাগাঁৱৰ নীৰেন বৰাৰ বাসগৃহত।

শনিবাৰে নিশা সংঘটিত অগ্নিকাণ্ডৰ ফলত বাসগৃহটোৰ লগতে জাহ যায় কেইবা লাখ টকাৰ সম্পত্তি, লগতে নষ্ট হয় নীৰেন বৰাৰ লক্ষাধিক টকাৰ চাহপুলি।  অৱশ্যে, নীৰেন বৰাৰ বাসগৃহত সংঘটিত এই অগ্নিকাণ্ডটোৰ ফলত কোনো লোক আহত হোৱা নাই বুলি জানিব পৰা গৈছে।

আন্ধাৰৰ সুযোগ লৈ নিশা কোনো দুৰ্বৃত্তই অগ্নি সংযোগ কৰে বুলি সন্দেহ কৰিছে নীৰেন বৰাৰ পৰিয়ালে। ইতিমধ্যে মেৰাপানী আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে নীৰেন বৰাৰ পৰিয়ালে।