অসম

জোনমণি ৰাভাৰ মৃত্যুৰ উচ্চস্তৰীয় ন্যায়িক তদন্তৰ দাবী প্ৰগতিশীল নাৰী সন্থাৰ

Asomiya Pratidin

ডিজিটেল সংবাদ,বটদ্ৰৱা : জোনমণি ৰাভাৰ মৃত্যুৰ উচ্চস্তৰীয় ন্যায়িক তদন্তৰ দাবী প্ৰগতিশীল নাৰী সন্থাৰ। নাৰী সমাজৰ লগতে নিজ মন্ত্ৰালয়ৰ মহিলা আৰক্ষী বিষয়াক নিৰাপত্তা দিব নোৱাৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই স্বেচ্ছাই পদত্যাগ কৰা আৰু জোনমণি ৰাভাৰ সন্দেহজনক অস্বাভাৱিক মৃত্যুৰ উচ্চস্তৰীয় ন্যায়িক তদন্ত ঘোষণা কৰাৰ দাবীত সদৌ অসম প্ৰগতিশীল নাৰী সন্থাৰ সন্থাৰ দলংঘাট ব্লক সমিতিয়ে শনিবাৰে বটদ্ৰৱা সমষ্টিৰ জাজৰিত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

প্ৰতিবাদত অংশ গ্ৰহণ কৰি সদৌ অসম প্ৰগতিশীল নাৰী সন্থাৰ অন্যতম ৰাজ্যিক নেত্ৰী তথা নগাঁও জিলাৰ ভাৰপ্ৰাপ্ত সম্পাদিকা আয়েফা বেগমে "যোৱা ১৫ মে'ত নগাঁও জিলা সদৰৰ মৰিকলং আৰক্ষী চকীৰ আৰক্ষী বিষয়া জোণমণি ৰাভাৰ অস্বাভাৱিক আৰু সন্দেহজনক মৃত্যুৰ ঘটনাক ৰাজ্যবাসীৰ লগতে প্ৰগতিশীল নাৰী সন্থায়ো সহজভাৱে ল'ব পৰা নাই। ইতিমধ্যে সামাজিক মাধ্যমত ৰাজহুৱা হোৱা তথ্য সমূহে আৰক্ষী-অপৰাধীৰ দুষ্ট চক্ৰ আৰু শঠামিতিৰালি স্পষ্টভাবে দাঙি ধৰিছে বুলি ৰাজ্যবাসী পতিয়ন গৈছে" বুলি প্ৰকাশ কৰে।

লগতে "বিজেপিৰ শাসনকালত আৰু হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰখনে শাসনভাৰ গ্ৰহণ কৰা পাছৰে পৰা মহিলাৰ ওপৰত ৰাজ্যখনত অপৰাধজনিত ঘটনা উদ্বেগজনকভাৱে বৃদ্ধি পাইছে। আনকি এই অপৰাধৰ বলি হোৱাৰ পৰা প্ৰশাসনৰ বিষয়াসকলেয়ো সাৰি যোৱা নাই। দেশৰ ভিতৰতেই অসম এতিয়া মহিলাৰ ওপৰত সংঘটিত হোৱা অপৰাধৰ শীৰ্ষত। মহিলা সমাজক নিৰাপত্তা দিয়াৰ ক্ষেত্ৰত হিমন্ত বিশ্ব শৰ্মা চৰকাৰ চূড়ান্তভাৱে ব্যৰ্থ হৈছে। জোনমণি ৰাভাৰ ঘটনাই আন এটা দিশ স্পষ্ট কৰিছে আৰু সেয়া হ'ল আৰক্ষী-অপৰাধীৰ অশুভ মিতিৰালি। যিয়ে সাধাৰণ ৰাইজৰ জীৱনো বিপদাপন্ন কৰি তুলিছে। এতিয়া অসম অপৰাধীৰ চৰণীয়া ভূমিত পৰিণত হৈছে" বুলি প্ৰতিবাদস্থলীত ভাষণ প্ৰদান কৰে।

জাজৰিত অনুষ্ঠিত এই প্ৰতিবাদী কাৰ্যসূচীত উমা পাটৰ , জোৎস্না বেগম, নিলুফা বেগম, সীমা বৰদলৈৰ নেতৃত্ব বহু মহিলাই অংশগ্ৰহণ কৰি প্ৰতিবাদথলী উত্তাল কৰি তোলে।