- মহানগৰীত সংঘটিত চাঞ্চল্যকৰ ঘটনা।
- নতুন শৰাইঘাট দলঙত উদ্ধাৰ মৃতদেহ।
- ট্ৰাংকত অনা হৈছিল এই মৃতদেহটো।
- এখন চাৰিচকীয়া বাহনত অনা হৈছিল এই মৃতদেহটো।
- দলঙৰ পৰা নদীত পেলাই দিবলৈ লোৱা সময়তে উপস্থিত হয় আৰক্ষী।
- ইতিমধ্যে আটক কৰা হৈছে এজন যুৱকক।
- আটক কৰা যুৱকজনৰ সৈতে অহা আন লোক কেইজনৰ পলায়ন।
- এএছ০১ ডিএক্স ৫৮২২ নম্বৰৰ এখন বাহনো জব্দ কৰিছে আৰক্ষীয়ে।
- পাণ্ডুৰ পৰা মৃতদেহটো অনা বুলি জানিব পৰা গৈছে।
- কিন্তু মৃতদেটো কাৰ সেই সন্দৰ্ভত জানিব পৰা হোৱা নাই।
- আটক কৰা যুৱকজনে আৰক্ষীক জনোৱা মতে, টকাৰ বিনিময়ত মৃতদেহটো পেলাবলৈ আহিছিল যুৱকজন।